মালিবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

 পশ্চিম কামৰূপ বন সংমণ্ডলৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ একাংশ অঞ্চলত বন বিভাগৰ ছত্ৰছায়াত চোৰাং কাঠৰ  লগতে অবৈধভাৱে বালিৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত থকাৰ সময়তে আজি বন বিভাগৰ এটা দলে বকোৰ মালিবাৰীত এক অভিযান চলায়। জানিব পৰা মতে বামুণীগাওঁ বন সুৰক্ষা কৰ্মী আৰু বকো বন বিভাগৰ এটি দলে যৌথ বাবে এক গোপন খৱৰৰ ভিত্তিত বকোৰ মালিবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই দুখনকৈ অবৈধ কাঠ ফলা মিল উৎখাত  কৰাৰ লগতে প্ৰায় ডেৰ লক্ষাধিক টকাৰ চোৰাং শাল, চেগুন আৰু কঁঠাল গছৰ কুণ্ডা জব্দ কৰে। পিছত উৎখাত কৰা মিলৰ সামগ্ৰী আৰু জব্দ কৰা চোৰাং কাঠ সমূহ বকো বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় বুলি জনা গৈছে। 

Related Articles