বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰাৰ এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ যোৱা নিশা বৰবৰী আৰক্ষী আৰু বাগানপাৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় উক্ত জঘন্য কাণ্ডত জড়িতৰ অভিযোগত জনচন বান্দ, অভিজিৎ তিৰ্কী আৰু ডেচলিন খাল্কো নামৰ তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে সোমবাৰে নিশা ধৰ্ষণ-হত্যাৰ বলি হোৱা যুৱতী গৰাকীয়ে ভগ্নীক ফোন কৰি ঘৰৰ পৰা পদূলিলৈ ওলাই অহাৰ পিচতে সুৰামত্ত তিনি নৰপিশাচে যুৱতী গৰাকীক প্ৰথমে দলৱদ্ধভাৱে ধৰ্ষণ কৰে আৰু পিচত হত্যা কৰি ধাননিৰ মাজত পেলায় থয় ৷ পিচদিনা যুৱতী গৰাকীৰ উলংগ মৃতদেহ ধাননিৰ মাজত উদ্ধাৰ হোৱাৰ পিচত বিভিন্ন দল-সংগঠন আৰু ৰাইজে দোষীক অতিশীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ অৱশেষত যোৱা নিশা আৰক্ষীয়ে তিনি নৰপিশাচক ৩৭৬/৩০২ ধাৰাৰ অধীনত ৮৩/২১ নম্বৰত এক গোচৰ ৰুজু কৰি আজি মুছলপুৰ সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে তিনি হত্যাকাৰীক বৰবৰী আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে ৷ আনহাতে ধৃত এই তিনি হত্যাকাৰীৰ লগত আৰু কোনো দুৰ্বৃত্ত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

