অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ অন্তৰ্গত অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ডৰ উদ্যোগত বেচৰকাৰী সংস্থা এমুলেট এডুকেশ্বনেল চাৰ্ভিচেছ ঘগ্ৰাপাৰ শাখাৰ সহযোগত কালি ঘগ্ৰাপাৰত এটা দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত আয়োজিত উক্ত প্ৰশিক্ষণ শিৱিৰটি মুকলি কৰে–নলবাৰীৰ শ্ৰম বিষয়া কবিতা বৰ্মনে।শিৱিৰটি মুকলি কৰি বিষয়াগৰাকীয়ে বৰ্তমান সময়ত দক্ষলোকৰ অভাৱ নাই বুলি উল্লেখ কৰি উপযুক্ত প্ৰশিক্ষণৰ অভাৱতহে নিষ্ক্ৰিয় হৈ থকা বুলি মন্তব্য কৰে।অসম চৰকাৰৰ শ্ৰম বিভাগত পঞ্জীয়নভুক্ত মুঠ ১২০ পুৰুষ-মহিলা,যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা স্বকৃতীপ্ৰাপ্ত শ্ৰমিকসকলক দক্ষ আৰু শুদ্ধতাৰে যাতে নিৰ্মাণ কাৰ্য সম্পাদান কৰিব পাৰে তাৰ বাবে একাগ্ৰতাৰে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ লৱলৈ বিষয়াগৰাকীয়ে আহ্বান জনায়। উক্ত শিৱিৰটোত এমুলেট এডুকেশ্বনেল চাৰ্ভিচেছৰ ঘগ্ৰাপাৰ শাখাৰ সঞ্চালিকা দেৱশ্ৰী কাশ্যপে অংশগ্ৰহণ কৰি উক্ত প্ৰশিক্ষণৰ জৰিয়তে চৰকাৰী সা-সুবিধাসমুহৰ পৰা শ্ৰমিকসকলে কেনেদৰে লাভবান হব পাৰি তাৰ ওপৰত বিশদ বাখ্যা কৰে।ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰীৰ ওপৰত হবলগা প্ৰশিক্ষণ শিৱিৰৰ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰতিদিনে ২৮০ টকাকৈ মাননি লাভ কৰিব বুলি সঞ্চালিকাগৰাকীয়ে সদৰী কৰে । সম্পূৰ্ণ দুমাহ অনুষ্ঠিত হবলগা প্ৰশিক্ষণ শিৱিৰটোত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে পূৱা ৯:১৫ ত ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত আয়োজিত প্ৰশিক্ষণ শিৱিৰত উপস্থিত থাকিব লাগিব বুলিও সঞ্চলিকাগৰাকীয়ে সদৰী কৰে।আজিৰ এই শিৱিৰটিয়ে পঞ্জীয়ন ভুক্ত শ্ৰমিকসকলৰ মাজত হাঁহি বিৰিঙোৱা পৰিলক্ষিত হৈছে।অনুষ্ঠানটি আঁত ধৰে ক্ৰমে কেন্দ্ৰ সমন্বয়ক ভগৱান তালুকদাৰ আৰু শিৱ শংকৰ দাসে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…