মৰিগাঁৱত আৰক্ষী স্মৃতি দিৱস উপলক্ষ্যে হাফ মাৰাথন দৌৰ আয়োজন

 আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষ্যে মৰিগাঁও জিলাৰ আৰক্ষী  সৌজন্যত হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা  আয়োজন কৰে ।হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হয়। হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা বঘৰা চাৰিআলিৰ  পৰা আৰম্ভ হৈ আৰক্ষী ৰিজাভত শেষ হয়।উক্ত হাফ মাৰাথন দৌৰ প্ৰতিযোগীতা সুভাৰম্ভণি কৰে  মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন,লগতে উপস্থিত অন্যান্য  আৰক্ষী বিষয়া সকল।হাফ মাৰাথন দৌৰ প্ৰতিযোগীতাত মৰিগাঁও ভিন্ন প্ৰান্তৰ উদীয়মান যুৱকে অংশ গ্ৰহণ কৰে।

Related Articles