উত্তৰ-পূৰ্ৱাঞ্চলত বৰ্তমানৰ উৎসৱৰ বতৰত বিভিন্ন বেংকৰ দ্বাৰা ঋণ প্ৰদান অনুষ্ঠান চলি আছে। বঙাইগাঁৱতো আজি জিলাখনত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখাৰ পৃষ্ঠপোষকতাত বঙাইগাঁও জিলা পুথিভঁৰাল পৃক্ষাগৃহত এক ঋণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত ষ্টেট বেংক অৱ ইণ্ডিয়া,পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অৱ বৰোদা, ইণ্ডিয়ান বেংক, ফেডাৰেল বেংক, আই ডি বি আই, এক্সিচ বেংক, এপেক্স বেংক, এইচ ডি এফ চি বেংক, বন্ধন বেংক, নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংক, কানাড়া বেংক, ইউকো বেংক, বেংক অৱ ইণ্ডিয়া,অসম গ্ৰামীণ বিকাশ বেংক আদি বেংকসমূহে ঋণ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানৰ জৰিয়তে পি এম স্বনিধি, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি, মহিলা আত্ম-সহায়ক গোট, ষ্টেণ্ড আপ ইণ্ডিয়া, মুদ্ৰা ঋণ, গাহৰি পালন, কেচিচি, ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগী, গৃহ নিৰ্মাণ, গাড়ী ক্ৰয়, পেঞ্চন ঋণ আদি সামৰি মুঠ ৪২৯ সংখ্যক হিতাধিকাৰীক ঋণ মঞ্জুৰী পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হয়। উক্ত ঋণৰ বাবে ধাৰ্য মুঠ টকাৰ পৰিমাণ হৈছে ২০ কোটি ৭১ লাখ টকা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া।তেওঁ ভাষণ প্ৰসংগত বেংকৰ এই ঋণ প্ৰদান অনুষ্ঠানৰ বাবে বেংকসমূহক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত লীড বেংক মেনেজাৰ হেমতসিং ইছলাৰীয়ে উদ্যেশ্য ব্যাখ্যা কৰে আৰু উপস্থিত অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। অনুষ্ঠানত বঙাইগাঁও ষ্টেট বেংকৰ মাণ্ডলিক বাণিজ্যিক বিষয়া তথা সহকাৰী মহাপ্ৰবন্ধক গুৰুপদ হালদাৰ ,বেংক অৱ বৰোদাৰ মাণ্ডলিক মুৰব্বী আইলীন ডিংডো,নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰবন্ধক আলাৰাম ডেউৰী,চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মুখ্য প্ৰবন্ধক ৰাজীৱ বাঞ্চাল,গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক তপন কুমাৰ সৰকাৰ,ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক প্ল’ৰাজ মুছাহাৰী,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক সঞ্জীৱ দাস আদিকে ধৰি বিশিষ্ট ব্যক্তিসকল ঋণ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে। উল্লেখ্য যে ১৬ অক্টোৱৰৰ পৰা আৰম্ভ হোৱা এই ঋণ প্ৰদান অনুষ্ঠান ৩০ অক্টোৱৰলৈ চলি থাকিব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ২.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল পশ্চিম দিল্লী…
- দিনবোৰ সলনি হ’ব, প্ৰজন্মৰ উৰ্বৰ মগজুত বিশ্বজয়ৰ চেতনা জাগ্ৰত হ’ব! মানুহবোৰ মানুহ হ’ব…
- মানৱ জীৱনৰ প্ৰতি ভাবুকি! নিৰ্বাচনী ধামখুমীয়াত গুৰুত্ব নোপোৱা বাতৰি…
- বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু ! ওড়িশাত কৰুণ মৃত্যুক সাৱটিলে নগাঁৱৰ দুই যুৱকে…
- শ্ৰীশ্ৰী শংকৰ মাধৱ মণিকাঞ্চন মিলন ক্ষেত্র শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত মহাপালনাম, সম্বৰ্ধনা, ভাওনা প্ৰদৰ্শনঃ ভক্ত বৈষ্ণৱক আদৰণি জনালে নাৰায়ণপুৰীয়া ধৰ্মপ্ৰাণ ৰাইজে…
- ভলীবলৰ প্ৰশিক্ষক দীপ গগৈ আৰু অন্যান্য কিছু কথা…
- বৰষুণৰ বতৰঃ পাকঘৰত কি ৰান্ধিব? চিন্তাত পৰিছে নেকি…
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’