ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰিগাঁওত বৃহস্পতি বাৰে মাৰহাট থানাৰ টহল দাৰী আৰক্ষীৰ দল এটাই এখন ছুইফ্ট ডিজেয়াৰ গাড়ীত দুটা বহি:ৰাজ্যৰ গৰু লৈ যোৱা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে বৃহস্পতি বাৰে আবেলি তামাৰহাট থানাৰ আৰক্ষীৰ দল এটাই থানা খনৰ অন্তৰ্গত কাছাৰিগাঁওত টহল দি আছিল । সেই সময়তে পশ্চিমবংগৰ ফালৰ পৰা তামাৰহাট অভিমুখে আহি থকা এ এছ ১৮ এ ৫৭৮৬ নম্বৰৰ এখন ছুইফ্ট ডিজেয়াৰ গাড়ী দেখা পাই সন্দেহ বশত: আৰক্ষীৰ দলটোৱে গাড়ী খন ৰখাবলৈ নিৰ্দেশ দিয়ে । লগে লগে গাড়ী খন ৰখাই চালক জন পলাই যায় । পিছত গাড়ী খনত তালাচী কৰাত গাড়ী খনৰ পাছ ফালৰ ডিগিত ঠেং বন্ধা অৱস্থাত দুটা গৰু উদ্ধাৰ হয় যদিও এটা গৰুৰ ইতিমধ্যে মৃত্যু হয় । পিছত আৰক্ষীয়ে জীয়াই থকা গৰুটো কাছাৰিগাঁওত থকা খোৱাৰত জমা দিয়াৰ বিপৰীতে মৃত গৰুটোৰ সৈতে ছুইফ্ট গাড়ী খন থানালৈ লৈ যায় । উল্লেখযোগ্য যে অসম-বংগ সীমান্তত সক্ৰিয়হৈ থকা অবৈধ গৰু ব্যাৱসায়ী চক্ৰই বহি:ৰাজ্যৰ পৰা উন্নত জাতৰ গৰু আনি অসম-বংগ সীমান্তৰ গংগাধৰ নদী পাৰ কৰি তামাৰহাট থানাৰ অন্তৰ্গত বিভিন্ন ভিতৰুৱা পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰি ৰমৰমীয়া ব্যাৱসায় চলাই আছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিশ্ব হাঁপানী দিৱসঃ প্ৰাপ্তবয়স্কতকৈ অধিক শিশু হাঁপানী ৰোগী! পিতৃ-মাতৃয়ে হাঁপানীৰ এই প্ৰাৰম্ভিক লক্ষণসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে…
- গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ভোটদান কৰিলে বৰক্ষেত্ৰীত…
- লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে…
- গৰমৰ দিনত কেঁচা জলকীয়া শুকাই যায় নেকি? কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ উপায়…
- ভাৰতীয় শ্বেয়াৰ বজাৰত চেন্সেক্সৰ ১৪টা ষ্টক বৃদ্ধি…
- বাতবিষ আৰম্ভ হোৱাৰ ৩ বছৰ পূৰ্বে ইয়াৰ লক্ষণসমূহ দেখা যায় বুলি প্ৰকাশ পাইছে এক গৱেষণাত…
- চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান…
- চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…
- নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…
- বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…