নাটক চাবলৈ দৰ্শকৰ আগ্ৰহ নোহোৱা হ’ল বোলা অপবাদ নুই কৰিলে ৩১ অক্টোবৰৰ সন্ধিয়া সাংস্কৃতিক ৰাজধানী খ্যাত যোৰহাটৰ নাট্যানুৰাগীয়ে। আয়োজক অনুষ্ঠানৰ সুনাম থাকিলে, সময় মানি চলিলে, দৰ্শকক আপ্লুত কৰিব পাৰিলে নাটক চাবলৈ ৰাইজ আহিবই। সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ এই সকলো গুণেই আছে বাবে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ‘দোমোজা’ নাটকখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পালে। ইয়াৰ মূলতে আছে আনুষ্ঠানিক নিয়ম নিষ্ঠাৰে মানি চলা সৰ্ব শৰীৰ নাট্য ৰসেৰে পূৰ্ণ হৈ থকা মানবেন্দ্ৰ শৰ্মা। নেপথ্যত আছে সচেতন সহযোগী সভাপতি বিনোদ গগৈৰ পূৰ্ণ সহযোগিতা। সেয়ে, ‘সূৰুয’ সোণালী দিনলৈ আগবাঢ়ি গৈ আছে। প্ৰতিষ্ঠা কালৰ সহযোগী অৰ্পণ শৰ্মা পাঠক, প্ৰবীণ সহযোদ্ধা চন্দন ঠাকুৰ, এখন হাত ৰঞ্জিত বৰদলৈ, অগ্ৰজ সংগী চঞ্চলজ্যোতি বৰদলৈ আৰু সূৰুয শুৱনি পূৰৱী শইকীয়াৰ সহযোগ তথা অভিনয়ে মানবেন্দ্ৰ শৰ্মাৰ ৰচিত-পৰিচালিত নাটক ‘দোমোজা’ত প্ৰাণ সঞ্চাৰ কৰে। নবীনক সুবিধা দিয়া সূৰুযৰ ৰেঙণি হৈ এইবাৰ উজলি উঠে চিমি শইকীয়া গন্ধীয়া, দিপন শইকীয়া আৰু নম্ৰতা বৰা। পূৰ্বে সংগী হোৱা দেৱজিৎ বৰা হয় এইবাৰো বিৰাজমান। মানবেন্দ্ৰ শৰ্মা নিজেও অভিনয়ত সোমাই থকাত নাটক ‘দোমোজা’ই দৰ্শকক বিশেষভাৱে আকৃষ্ট কৰিলে। সংগীতত প্ৰাণজিৎ শৰ্মা, মৃগাংক শইকীয়া, শব্দত সূৰুয শীল আৰু পোহৰত সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ নিজা নিয়ন্ত্ৰক অৰুণ দত্তই সহযোগিতা আগবঢ়ায়। পাৰ্থ প্ৰতিম শৰ্মা, ময়ূৰপংখী কাশ্যপ, অপৰাজিতা কাশ্যপ, পূৰ্ণিমা বৰদলৈ আদি নিজা শিল্পীসকল গ্ৰহস্বৰূপ হৈ থাকেই। তাৰোপৰি লাটু গগৈ, ধীৰাজ বৰুৱা, প্ৰফুল্ল প্ৰাণ গগৈ আৰু গংগা বিবাহ ভৱনৰ সহযোগ উল্লেখযোগ্য। সন্তান থাকিও বহু পিতৃ-মাতৃ অকলশৰীয়া হৈ কেনেকৈ থাকে, এবুকু কান্দোন হেঁচি ৰাখি আনক সুখ দেখুৱাবলৈ মুখত কেনেকৈ হাঁহি ধৰি ৰাখে তাৰেই বাস্তৱিক প্ৰতিফলন ঘটাইছে নাট্যকাৰ মানবেন্দ্ৰ শৰ্মাই ‘দোমোজা’ নাটকখনত। যিখন কেৱল এটা সন্ধিয়াৰ নাটক নহয়, জীৱনৰ অমূল্য পাঠ্যপুথি হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…
- অসমৰ ভলীবল জগতত সূপৰিচিত চিনাকী নাম, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ দীপক ওজা…
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…