গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ফ্লাইবিগৰ ৭২ খন আসনযুক্ত বিমান গুৱাহাটীৰ পৰা লীলাবাৰীলৈ সপ্তাহত চাৰিদিনকৈ চলাচল কৰিব। শুক্ৰবাৰে ৪.৪০ বজাত বৰঝাৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিমানখনত আন আন যাত্ৰীৰ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, উত্তৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা, অৰুণাচল প্ৰদেশৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী টাকী টেগো যাত্ৰীৰ ৰূপত লীলাবাৰীলৈ যাত্ৰা কৰে। আনহাতে এই উপলক্ষে বৰঝাৰ বিমানবন্দৰত আয়োজিত চমু অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, ফ্লাইবিগৰ পৰিচালন সঞ্চালক কেপ্তেইন সঞ্জয় মাণ্ডাডিয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে সপ্তাহৰ চাৰিদিন ক্ৰমে – মঙল , বৃহস্পতিবাৰ , শনিবাৰ আৰু দেওবাৰে গুৱাহাটী আৰু লীলাবাৰীৰ মাজত চলাচল আৰম্ভ হোৱা ৭২ খন আসনযুক্ত বিমানখন চাৰিওদিনতে গুৱাহাটীৰ পৰা বিয়লি ৪.৪০ বজাত যাত্ৰা কৰিব । সন্ধিয়া ৫.২৫ বজাত গৈ বিমানখন লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰিব। তেনেদৰে সেই চাৰিদিন বিমানখন সন্ধিয়া ৫.৫০ বজাত লীলাবাৰী বিমানবন্দৰৰ পৰা উৰা মাৰি ৬.৪০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব। উল্লেখযোগ্য যে গুৱাহাটী-লীলাবাৰীৰ মাজত পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পাছত উত্তৰ অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এক বৃহৎ অঞ্চল উপকৃত হব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গৰমৰ বতৰত আমৰ ঔষধি গুণৰ বিষয়ে জানক…
- কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…
- সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…
- হাৰিয়ানাত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…