বিশ্ব বৰেণ্য শিল্পী, অসম ৰত্ন তথা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী আজি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে বৃহত্তৰ চাবুৱা অঞ্চলটো দিনজোৰা বৰ্ণাঢ্য বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে। চাবুৱা সংগীত বিদ্যালয়ে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহান শিল্পীজনাৰ মৃত্যু দিনটো গীত-মাত পৰিৱেশনৰ মাজেৰে উদযাপন কৰে । সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত মৃত্যু দিৱসটি ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাপন- ধূপ-চাকি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোলোক বৰপাত্ৰগোঁহাই আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিশুবন্ধু কুলেন দাসে । এটি বৰগীতেৰে কাৰ্যসূচী উদ্বোধন হোৱাৰ পিছতে ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ দিগন্ত দত্তই সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে। ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে’ শীৰ্ষক হাজৰিকাদেৱৰ কালজয়ী গীত পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । সাংস্কৃতিক কাৰ্যসূচীত ক্ৰমে শ্যামলী গোহাঁই, আদ্ৰিজা গোহাঁই , জাহ্নৱী ফুকন, হৰিপ্ৰিয়া গগৈ, অনাতাঁৰ শিল্পী চন্দ্ৰকান্ত ফুকন, প্ৰাৰ্থনা ফুকন, মুকুল দাস, অনুপ বৰুৱা,ৰহিত ডাঙৰীয়া, ভাৰ্স্বতী দাস, ৰামানুজ চেতিয়া, আচিক ফুকন, কৰিষ্ণু গগৈ, দীপান্বিতা হাজৰিকা,অভিনৱ গগৈ, তেজস্বিতা দিহিঙ্গীয়াকে ধৰি বহু কেইগৰাকী শিল্পীয়ে ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিবেশনেৰে অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত চাবুৱা ডায়েটৰ জেষ্ঠ্য প্ৰবক্তা ভূপেন দাস, চাবুৱা বিদ্যানিকেতনৰ অধ্যক্ষ দিগন্ত দত্ত, সমাজ সেৱাক তুলেশ্বৰ ঘৰফলীয়া, হাতীআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰবীন চেতিয়া, সাংবাদিক ক্ৰমে অৰুণ বৰপাত্ৰগোঁহাই, দিব্যজ্যোতি লাহন, বিশ্বজিৎ ফুকনকে ধৰি অন্যান্যসকল। অনুষ্ঠানটি আঁত ধৰে সংগীত বিদ্যালয়ৰ অধ্যক্ষ মুকুট নেওগ আৰু অনুপম বুঢ়াগোহাঁয়ে। ইফালে চাবুৱা চিহ্নযাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে ‘শ্ৰদ্ধাঞ্জলী অনুষ্ঠান’ নামেৰে উদযাপন কৰে। পূৱা ভাগত দিলীপ দাসৰ দুটি প্ৰভাতী বৰগীতেৰে অনুষ্ঠান শুভাৰম্ভ কৰে। পূৱা দহ বজাত চিহ্নিযাত্ৰাৰ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি প্ৰশান্ত নেওগে পতাকা উত্তোলন, ১০.১৫ বজাত শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি পূৰন্দৰ গোহাঁইয়ে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসলৰ মাজত ভূপেন্দ্ৰ সংগীত আৰু নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত। সন্ধিয়া ৫ বজাত চাবুৱা নগৰত উলিওৱা শুভাযাত্ৰাৰ উদ্বোধন কৰে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱাই । ৬ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাপন-ধূপ-চাকি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে সাংস্কৃতিক গোষ্ঠীটোয়ে । নিশালৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…