ছিপাঝাৰ প্ৰতিবেদক : দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৱৰীগাঁৱত অবৈধভাৱে ইটা ভাটা নিৰ্মাণৰ কাম চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত কুৱৰীগাঁৱৰ সচেতন ৰাইজে ইতিমধ্যে দৰং প্ৰশাসনক কেইবাবাৰো অভিযোগ পত্ৰ দাখিল কৰিছে ৷ তৎস্বত্বেও দৰং জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল ৷ জনৈক দাস নামৰ এগৰাকী অসাধু ব্যৱসায়ীৰ চত্ৰছায়াত হৰেশ্বৰ ৰাজবংশী , ৰমা ৰাজবংশী , নবীন ৰাজবংশী আৰু ৰামেশ্বৰ ৰাজবংশীয়ে বিভাগীয় কোনো নিয়ম অনুসৰণ নকৰাকৈ এনেদৰে ইটাভাটা স্থাপনৰ কাম কৰি থকাত কাৰ্যত অসন্তোষ প্ৰকাশ কৰিছে কুঁৱৰীগাঁৱৰ একাংশ সচেতন ৰাইজে ৷ একেদৰে এই সন্দৰ্ভত ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ হস্তক্ষেপ বিচাৰি বিষয়টোৰ উচিত তদন্তৰ দাবী কৰিছে ৷ বিশেষকৈ ইটাভাটা স্থাপনৰ ক্ষেত্ৰত ২০১৩ ত নিৰ্ধাৰণ কৰা বিভাগীয় সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি অসাধু চক্ৰটোৱে কাৰ সাহসত নথিপত্ৰ বিহীনভাৱে নতুন ভাটা স্থাপনৰ কাম অব্যাহত ৰাখিছে বুলি এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে ৷ উল্লেখযোগ্য যে , বিভাগীয় নীতি অনুসৰি দুটা ভাটাৰ চিমনিৰ মাজত অতি কমেও ৫০০ মিটাৰৰ ব্যৱধান থাকিব লাগে ৷ কিন্তু কুঁৱৰীগাঁৱত পূৰ্বৰেপৰা থকা ভাটাৰ চিমনিৰপৰা মাত্ৰ ২০০ মিটাৰমান ব্যৱধানতে অবৈধভাৱে নিৰ্মাণ কৰি থকা হৈছে নতুন ভাটাৰ চিমনি ৷ এই সমগ্ৰ বিষয় সন্দৰ্ভত দৰং জিলাৰ উপায়ুক্তক চলিত বৰ্ষৰ প্ৰথম ভাগতে ৰাজহুৱা আবেদন দাখিল কৰিছিল ৷ সেই আবেদনৰ ভিত্তিত বিভাগীয়ভাৱে ভাটাটোৰ কাম দীৰ্ঘদিন ধৰি বন্ধ কৰি ৰখা হৈছিল যদিও ভাটাটো নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যোৱা ১ নৱেম্বৰত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ দৰং জিলা সমিতিৰ তৰফৰপৰা শীঘ্ৰে ভাটাটোৰ কাম বন্ধ কৰিবলৈ দৰং জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে ৷ তাৰ পিছতো দৰং জিলা প্ৰশাসনে মৌন ব্ৰত পালন কৰাৰ ৰহস্য কি বুলি এতিয়া সাধাৰণ ৰাইজৰ মাজত গুজৱ উঠিছে ৷ বিশেষকৈ প্ৰদূষণ বিভাগৰ দায়িত্বৰত বিষয়াগৰাকীয়ে ৰহস্যজনক কাৰণত অবৈধভাৱে ভাটা নিৰ্মাণ কৰি থকা চক্ৰটোক এনে আইন বিৰোধী কাৰ্যত উদ্গনি দি অহা বুলি মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছে স্থানীয় একাংশ সচেতন ৰাইজে
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…
- অসমৰ ভলীবল জগতত সূপৰিচিত চিনাকী নাম, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ দীপক ওজা…
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…