নাজিৰা ,প্ৰতিবেদক :- নাজিৰা গেলেকীত স্থানীয় সচেতন যুৱকৰ তৎপৰতাত যোৱা নিশা বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰা হয় । নাজিৰাৰ গেলেকী সীমান্তৱৰ্তী শিঙিবিল বি অ’ পি ৰ সমীপত স্হানীয় যুৱককেইজনমানে পথেৰে গৈ থকা অৱস্থাত ট্ৰাকখনে আগা – ভেটা কৰাত যুৱককেইজনে ট্ৰাকখন ৰখাই চোৱাত চিমেণ্টৰ বস্তাৰ তলত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা দেখা পাই লগে লগে গেলেকীৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যথা স্থানত উপস্থিত হৈ যুৱক সকলৰ তৎপৰতাত আৰক্ষীয়ে তদন্ত চলাই ট্ৰাকখন সহ চালকজনক আটক কৰে ।AS03BC 9710 নম্বৰ ডাম্পাৰখনত আমগুৰি হালোৱাটিংৰ পৰা নাগালেণ্ডৰ ইয়ংলক বস্তিলৈ অবৈধ ভাৱে কঢ়িয়াই নিছিল এই অৰুণাচলী সুৰাখিনি।চিমেণ্ট ভৰ্তি এই ডাম্পাৰখনৰ পৰা সৰ্বমুঠ ২১০টা অবৈধ অৰুণাচলী সুৰাৰ কাৰ্টুন জব্দ কৰা হয়।১০০বেগ চিমেণ্টৰ ভিতৰত ২১০কাৰ্টুন অবৈধ অৰুণাচলী সুৰা কঢ়িয়াই আনিছিল ডাম্পাৰৰ চালকে।ডাম্পাৰৰ চালক ৰুবুল হুছেইনক ইতিমধ্যে গেলেকীৰ আৰক্ষীয়ে আটক কৰি সুধা – পোচা অব্যাহত ৰাখিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…