কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ টুপামাৰীত বৰতলা ডাইমণ্ড ক্লাবৰ উদ্যোগত টুপামাৰী আঞ্চলিক মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে দিবানৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা সফলভাৱে সম্পন্ন হয়। ১৬ আৰু ১৭ নবেম্বৰ দুদিনীয়া ইন্টাৰ ভিলেজ পৰ্যায়ৰ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় কুৰি টা ভলীবল দলে অংশ কৰে। বুধবাৰে নিশা ১২ বজাত ৰঙ্গেশ্বৰী মুকুতা ক্লাৱ ভলীবল দল আৰু বকো ভলীবল দলৰ মাজত চুড়ান্ত পৰ্যায়ৰ খেল খল অনুষ্ঠিত হয়। বকো ভলীবল দলে ৰঙ্গেশ্বৰী মুকুতা ক্লাৱক পোনপটীয়া ছেটত হৰুৱাই চুড়ান্ত বিজয়ৰ সন্মান লাভ কৰে। উক্ত খেলত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে বকো ভলীবল দলৰ খেলুৱৈ ৰাকেশ বড়ো। খেল সমাপ্তিৰ পিছত বৰতলা ডাইমণ্ড ক্লাবৰ সভাপতি ময়নুল হকৰ পৌৰহিত্যত বটা বিতৰণী সভা অনুষ্ঠিত হয় আৰু সভাত ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলাম, টুপামাৰী সমবায় সমিতিৰ সভাপতি হাতেম আলী আহমেদ, টুপামাৰী বজাৰ ব্যৱসায়ী সন্থাৰ উপ সভাপতি মুছলিম উদ্দিন, টুপামাৰী হাই মাদ্ৰাছাৰ বিজ্ঞান শিক্ষক সুৰুজ জামাল আহমেদ অঞ্চলটোৰ উদীয়মান যুৱক তথা বৰতলা ডাইমণ্ড ক্লাবৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া ক্ৰমে মমিন আলী, ৰফিকুল ইছলাম, ছুবুৰ উদ্দিন, জাহান উদ্দিন, ময়দুল ইছলাম, আব্দুল আউৱাল লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বৰতলা ডাইমণ্ড ক্লাবৰ উদ্যোগত প্ৰথম বাৰ্ষিক প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতা খন পৰিচালনা কৰে স্বাজাহান আলী আৰু মিজানুৰ ৰহমানে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…