অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ৰ প্ৰতিষ্ঠাপক সভাপতি পি কে শৰ্মা পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। এৰিডাৰ সাধাৰণ সভাত পি কে শৰ্মাক পুনৰ পাঁচ বছৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। পুনৰ এৰিডাৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি পি কে শৰ্মাই কয়-‘ বৰ্ত্তমান সময়ত নিৰ্মাণ খণ্ডটোৱে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। ক’ভিড পৰিস্থিতিৰ লগতে শ্ৰমিকৰ অভাৱ, বজাৰৰ হতাশাজনক অৱস্থা, নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি আদিকে ধৰি বিভিন্ন কাৰণত নিৰ্মাণ কাৰ্য তথা প্ৰকল্পসমূহৰ বিলম্বই নিৰ্মাণ খণ্ডটোক বেয়াকৈ প্ৰভাৱিত কৰিছে।’ নিৰ্মাণ খণ্ডটোৱে সন্মুখীন হৈ অহা এই প্ৰত্যাহ্বানৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে খণ্ডটোৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শৰ্মাই শলাগ লয়। বিশেষকৈ প্ৰশাসনীয় তথা বিভাগীয় বিভিন্ন কামৰ ক্ষেত্রত কৰা সংস্কাৰ তথা সৰলীকৰণৰ বাবে শৰ্মাই চৰকাৰখনৰ ধন্যবাদ জ্ঞাপন কৰে। অৱশ্যে শৰ্মাই আক্ষেপ প্ৰকাশ কৰি কয় যে এতিয়াও একাংশ স্বাৰ্থপৰায়ণ লোকৰ বাবে দুৰ্ভাগ্যবশত চৰকাৰৰ সেই সুবিধাসমূহ বাস্তৱত কাৰ্যকৰী হোৱা নাই। এইক্ষেত্রত এৰিডাৰ ফালৰ পৰা চৰকাৰৰ প্ৰতি প্ৰয়োজনীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ’ব বুলি শৰ্মাই জানিবলৈ দিয়ে। মূল্যবৃদ্ধিৰ প্ৰসংগত শৰ্মাই কয়-‘ নিৰ্মাণ কাৰ্যৰ সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হোৱাৰ ফলত নিৰ্মাণ ব্যয় ৪০ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে। এনে এক পৰিস্থিতিত প্ৰম’টাৰসকলে প্ৰতি বৰ্গফুটত ৩৫০ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি কৰাৰ বাহিৰে আন কোনো উপাই নাই।’ শৰ্মাই লগতে কয় যে ৰিয়েল ইষ্টেট খণ্ডই ৰাজহ বৃদ্ধিৰ লগতে দেশৰ অৰ্থনীতিত এক বৃহৎ অৱদান আগবঢ়োৱাটো চৰকাৰে স্বীকাৰ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…
- মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা