Breaking

দৰঙত বিদ্যুৎ বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড

0 29

দৰঙৰ বিদ্যুৎ বিভাগৰ কৰ্ম কাণ্ডই অতিষ্ঠ  কৰিছে গাঁওবাসী ৰাইজক। মাছুল পৰিশোধ কৰাৰ পিছতো বিদ্যুৎ সংযোগ  কৰ্তন কৰাত  কেইবা দিন ধৰি অন্ধকাৰত  আছে এখন গাওঁ । বিদ্যুৎ নথকাৰ ফলত নিশা পঢ়া-শুনাৰ পৰা বঞ্চিত হৈ আছে  শিক্ষাৰ্থী সকল।

 অভিযোগ অনুসৰি , দৰঙৰ মঙলদৈ বিদ্যুৎ উপ  সংমণ্ডলৰ অধীনস্থ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত লটাখাট গাঁৱৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গাওঁ খনত । গাঁওখনৰ  সৰহ সংখ্যক  গ্ৰাহকে  বিদ্যুৎ মাছুল পৰিশোধ কৰাৰ পিছতো তিনি দিন পূৰ্বে গাওঁ খনৰ বিদ্যুৎ সংযোগ কৰ্তন কৰে । বিদ্যুৎ বিভাগৰ স্থানীয় দুজন কৰ্মচাৰীয়ে নিজৰ খেয়ালখুছি মতে বিদ্যুৎ কৰ্তন কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । গাওঁ খনত বছৰত দুবাৰকৈ বিনা কাৰণত বিদ্যুৎ সংযোগ কৰ্তন কৰাটো যেন এটা নিয়মত পৰিণত হৈছে  ।

বিদ্যুৎ সংযোগ কৰ্তনৰ পিছত পুনৰ  বিদ্যুৎ সংযোগ দিবলৈ প্ৰতিজন গ্ৰাহকে দিব লাগে ৩০০ ৰ পৰা ৫০০ কৈ টকা ।  বিদ্যুৎ সংযোগ কৰ্তন কৰি ধন ঘটাৰ অভ্যাসত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে  । উল্লেখযোগ্য যে , কেইবাদিনো ধৰি  বিদ্যুৎ কৰ্তন কৰাৰ ফলত গাওঁৰ শিক্ষাৰ্থী সকলে ৰাতি  পঢ়া-শুনাৰ  পৰা বঞ্চিত হব লগীয়া হৈছে  । মাথো এয়াই নহয় বৰ্তমান জীৱনৰ অতি লাগতিয়াল  মোবাইল ফোন চাৰ্জ কৰিবলৈ আন  গাঁৱলৈ যাবলগীয়া হৈছে  গাঁওখনৰ লোক সকল । সেয়ে  ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে বিদ্যুৎ সংযোগ দি শিক্ষাৰ্থীৰ লগতে গাঁওবাসীক সকাহ দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ভুক্তভোগী ৰাইজে  ।

Leave A Reply