নিশাৰ ভিতৰতে কোটিপতি হ’ল দুটাকৈ হাতী৷ বিহাৰৰ এজন বন্যপ্ৰেমীয়ে তেওঁৰ সম্পত্তিৰ আধা অংশ নিজৰ হাতী দুটাৰ নামত লিখি দিছে৷ এই কথা শুনি বহু লোকে আশ্চৰ্য প্ৰকাশ কৰিছে৷ পাটনাৰ বাসিন্দা আখতাৰ ইমাম নামৰ লোকজনে তেওঁৰ পোহনীয়া হাতী দুটাক অতি মৰম কৰে৷ সেই হাতী দুটাৰ এটাৰ নাম ৰাণী আৰু আনটোৰ নাম মতি৷ ইমামে তেওঁৰ সন্তান স্নেহ কৰে হাতী দুটাক৷ সেয়ে তেওঁৰ আধা সম্পত্তি হাতী দুটাৰ নামত লিখি দিয়ে৷ ফলত নিশাৰ ভিতৰতে কোটিপতি হয়গৈ দুয়োটা হাতী৷ এই হাতী দুটাৰ ভিতৰত মতিৰ বয়স ১৫ আৰু ৰাণীৰ বয়স ২০ বছৰ৷ হাতী দুটা মানুহতকৈ বেছি বিশ্বস্ত বুলি লোকজনে কয়৷ দুয়োটা হাতী তেওঁৰ সংগী৷ বৰ্তমান ইমাম হাতী ৰক্ষণাবেক্ষণৰ এনজিঅ’ এটাৰ গৰাকী৷ বিপদৰ সময়ত তেওঁক এই হাতী দুটাই বহুবাৰ ৰক্ষা কৰিছে বুলি তেওঁ জনায়৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…