দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ বিভিন্ন ঠাইত নীতি-নিয়ম বহিৰ্ভূতভাবে এটাৰ পিছত এটাকৈ কাঠফুলাৰ দৰে গঢ়ি উঠা ইটাভাতাই সমগ্ৰ অঞ্চলটোলৈ ভয়াবহ বিপদ কঢ়িয়াই আনিছে। দৰং জিলাৰ পশ্চিমৰ কলিতাপাৰা,শুক্ৰাগুৰি,কুৰুৱা,খলিহৈ,গনেশকুঁৱৱী,বাঁহগড়া,দুমুনিচকী,শিঙিমাৰী,চুটীয়াকাটা,পূব নাওঁদিঙা, বাঘমাৰা আদি ঠাইৰ খেতিপথাৰত গঢ়ি তোলা ইটাভাতা সমূহে জনজীৱনলৈ এক ভয়াবহ বিপদ কঢ়িয়াই আনিছে।কিয়নো ইটাভাতাৰ পৰা নিৰ্গত হোৱা ছালফাৰ ডাইঅক্সাইড আৰু কাৰ্বন ডাই অক্সাইডযুক্ত বিষাক্ত ক’লা ধোঁৱাই ইয়াৰ আকাশ- বতাহ ছানি ধৰি প্ৰদূষণযুক্ত কৰাৰ পাছত তাৰ পাৰ্শ্বক্ৰিয়াত অঞ্চলটোৰ দৰিদ্ৰ লোক সকলৰ শ-শ বিঘা কৃষি ভূমি বিনষ্ট হোৱাৰ লগতে গছ-বিৰিখতো নেতিবাচক প্ৰভাব পৰিছে।যাৰ বাবে খেতি পথাৰত সমূহত শস্য ডৰা ৰঙা পৰি মৰি যোৱাৰ লগতে বস্তিত থকা তামোল-পাণ,নাৰিকল আদিতো ফলনধৰা হৈ গজমূৰ হৈ হৈছে।যাৰ ফলত গাঁৱলীয়া চহা কৃষক ৰাইজে অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰাৰ বিপৰীতে লাভবান হৈছে ইটাভাতা উদ্যোগৰ মালিক সকল। আশ্বৰ্যজনক কথা যে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু জিলা প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।ইয়াতকৈ ভয়াবহ কথা যে অঞ্চলটোৰ লোক সকলৰ মাজত কেন্সাৰজনিত ৰোগত সততে জীৱন হেৰুৱাবলগীয়া হোৱাৰ মূলতে ইটাভাতাৰ সমূহৰ বিষাক্ত ক’লা ধোঁৱাৰ প্ৰভাৱ। তদুপৰি শৰীৰৰ ছাল, চুলিৰ বেমাৰ,চকুৰ বেমাৰ আদিৰো একেই প্ৰভাৱত হোৱা বুলি বিশেষজ্ঞ সকলে ক’ব খোজে।যাকলৈ অঞ্চলবাসী ৰাইজ ত্ৰাসিত হৈ পৰিছে।অচিৰেই এই ইটাভাতা সমূহৰ ওপৰত যদি একো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহলে গছ- গছনি শূণ্যই নহয় জনশূণ্য হৈ পৰিবলৈ বেছি দিন নালাগিব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মানুহ মৰি শেষ হৈ যাওক, কংগ্ৰেছৰ কোনো মতলব নাছিল, বিটিআৰত ১৭ বছৰে বিপিএফে অকল হত্যা-হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছিলঃ মন্ত্ৰী পীয়ূষ হাজৰীকা
- ৰঙিয়া মৰাণজানাত ভয়ংকৰ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু…
- মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…
- ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…
- ৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিনত টকা দিলেহে চাকৰি পাইছিল, কিন্তু আজি সেই পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…
- নতুন নিয়মঃ এখন বিয়াত এবিধতকৈ অধিক ব্যঞ্জন প্ৰস্তুত নকৰাই ভাল! নিয়ম কঠোৰভাৱে বলবৎ হ’ব…
- ৪০০ বছৰীয়া পুৰণি মন্দিৰত সিদ্ধাৰ্থৰ সৈতে গোপনে বাগদান অদিতিৰ! গোপন এংগেজমেণ্টৰ আঁৰৰ কাহিনী জানক…
- নাৰিকল তেলঃ ৰন্ধা-বঢ়াৰ পৰা সৌন্দৰ্যলৈকে, কিয় নাৰিকল তেল আপোনাৰ বাবে অতি উপকাৰী জানেনে…
- দক্ষিণ ব্ৰাজিলত প্ৰচণ্ড বৰষুণৰ ফলত ১০ জনৰ মৃত্যু! ২১জন নিৰুদ্দেশ…
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !