তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সহায় দা হেল্পিং হেণ্ড নামৰ বেচৰকাৰী সংগঠনটোৰ আজি প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি মাৰ্ঘেৰিটা চেগুনবাৰী চাহ ফেক্টৰিৰ সমীপত থকা সভাকক্ষত আৰম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হয়। পুৱা ১০ বজাত সংস্থাটোৰ সদস্য সকলে লিডুস্থিত কেন্দ্ৰীয় নামঘৰত এগছি বন্তি জ্বলাই আৰু শৰাই আগবঢ়াই সমাজৰ মংগল কামনা কৰে। ইয়াৰ পাছতেই দিনৰ ১১ বজাত মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত সভাকক্ষত অনুষ্ঠিত মুকলি সভাত পৌৰোহিত্য কৰে সংস্থাটোৰ সভানেত্ৰী পায়েল দেই। অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সভাপতি দেৱজিৎ বৰুৱা, জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ মুখপাত্ৰ সাংবাদিক মানস প্ৰতিম গগৈ। সহায়ৰ সদস্যা জাগৃতি শৰ্মাই আঁত ধৰা অনুষ্ঠানতিত সভাৰ উদেশ্য ব্যাখ্যা কৰে সম্পাদক কৌস্তুভ সিং। সভাৰ মুখ্য অতিথিৰ ভাষণত দেৱজিৎ বৰুৱাই কয় যে নৱপ্ৰজন্মৰ ছাত্ৰ – ছাত্ৰীৰে গঠিত বেচৰকাৰী সংস্থাটোৱে মাৰ্ঘেৰিটাৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত বহুকেইটা গুৰুতপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াৰে উল্লেখনীয় মাৰ্ঘেৰিটা নগৰৰ মাজেৰে বৈ যোৱা বুঢ়ীদিহিং নৈৰ ৰেলৱে দলঙৰ তল অংশ পৰিষ্কাৰ কৰাৰ বাবে যি উদ্যোগ লৈছিল সেইয়া নিশ্চয়কৈ প্ৰকৃতি আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত উল্লেখযোগ্য কৰ্ম হিচাপে বিবেচিত হ’ব। অন্যহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংবাদিক মানস প্ৰতিম গগৈয়ে ভাষণ প্ৰসংগত কয় যে সহায় দা হেল্পিং হেণ্ডে বিশেষকৈ লকডাউনৰ সময়ত ডিগবৈ, মাৰ্ঘেৰিটা, বৰগোলাই, লিডু আদি অঞ্চলত পদপথত, ৰেলৱে ষ্টেচনত বসবাস কৰা লোক সকলৰ মাজত নিয়মীয়াকৈ খাদ্যবস্তু, কাপোৰ ইত্যাদি বিতৰণৰ লগতে চিকিৎসাৰ ব্যৱস্থা গ্ৰহন কৰি ভূপেন দাৰ মানুহে মনুহৰ বাবে শীৰ্ষক গীতৰ প্ৰতিটো শব্দ আখৰে আখৰে পালন কৰিছে। সভাত সহায়ৰ সদস্য প্ৰিন্ঞু চেতিয়া, প্ৰকাশ শৰ্মাইও ভাষণ প্ৰদান কৰে। উল্লেখ যে মাৰ্ঘেৰিটা, লিডু আদি অঞ্চলৰ মহাবিদ্যালয় আৰু বিদ্যালয়ৰ একাংশ সমাজৰ প্ৰতি সুস্থচিন্তা কৰা মনৰ ছাত্ৰ-ছাত্ৰী একগোট হৈ অঞ্চলটোত এই বেচৰকাৰী সংগঠনটোৰ উদ্যোগত বহুকেইটা ভাল সামাজিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…