ধুবুৰী ফলিমাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুন্তীৰ চৰত দীৰ্ঘ দিন ধৰি পাৰঘাটৰ জমৰ যাতনাত ভুগিব লগা হৈছে স্থানীয় ৰাইজ।
ধুবুৰীৰ পৰা মাত্ৰ চাৰিশ মিটাৰ দূৰত্বত কুন্তিৰ চৰ গাওঁ, কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা এই খন গাওঁৰ মানুহে এনেদৰে যাতায়ত কৰিব লগা হৈছে। খৰালীৰ সময়ত এই খন বাঁহৰ দলংৰে প্ৰায় চাৰিটা গাঁওৰ মানুহে অহা যোৱা কৰে আৰু বাৰিষাৰ সময়ত বহুতো দুখ কষ্টৰে টুলুংঙা নাওঁৰে পৰ হ’ব লগা হয় আৰু পূৰ্বতে বহুতো দূৰ্ঘটনা। সংগঠিত হৈছিল। কিন্তু নিৰ্বাচন অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী মহাৰথী সকলে এই খন দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনী শেষ হোৱাৰ লগে লগে সকলো প্ৰতিশ্ৰুতি পাহৰি যায়। ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়ক নজৰুল হকে কেইবা বাৰো এই খন দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি লৈকে দলং নিৰ্মাণ নহ’ল। সেয়ে স্থানীয় ৰাইজে অসম চৰকাৰক এই খন দলং নিৰ্মাণ কৰি দিয়াৰ বাবে বিনম্র অনুৰোধ জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সাংস্কৃতিক জগতলৈ সু-খবৰ ! MARCHE DU FILM- Festival De Cannesত অনলাইনযোগে বিশেষ প্ৰদৰ্শনী হ’ব শিশু অভিনেত্ৰী কেথৰিন ধলুৱা অভিনীত জনসমাদৃত বোলছবি ‘মুঝে স্কুল নেহি জানা’…
- মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব বিকাশ খৰ্গে আৰু অভিনেতা, উদ্যোগী তথা প্ৰযোজক জেকি ভাগনানিৰ সৈতে সীমান্ত শেখৰ…
- আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস ! ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ জ্ঞান দিয়াৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক পদক্ষেপ…
- আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ…
- মই জানো ইউনিফৰ্মৰ লগত নীতি-নিয়ম জড়িত হৈ থাকে, কিন্তু; প্ৰেম শাস্তিযোগ্য অপৰাধ হ’ব নালাগেঃ জুবিন গাৰ্গ…
- কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি, বেংক বিষয়া সুৰজিৎ দত্তৰ এলবাম ‘এটি নতুন ফাগুন’ শুভমুক্তি…
- চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযানত বিলাতী বাহন সহ উদ্ধাৰ পাঁচটাকৈ গৰু…
- উৎকট গৰমে দহিব উত্তৰ-পশ্চিম ভাৰতক ! উত্তৰ-পশ্চিম ভাৰতত কেৰালাত অৰেঞ্জ এলাৰ্ট জাৰি…
- শ্ৰী সূৰ্য মন্দিৰত চুৰিকাণ্ড…
- অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই…