অসমৰ কৃষকৰ পৰা কেন্দ্ৰীয় চৰকাৰে সময়মতে ধান সংগ্ৰহ কৰাৰ লগতে ইয়াত থকা ভাৰতীয় খাদ্য নিগমৰ ( এফ চি আই ) ভঁৰালত খাদ্য মজুতকৰণৰ ক্ষমতা বৃদ্ধি কৰিব । এই ঘোষণা কৰিছে কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান , বন আৰু পৰিবেশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ । ১৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি এই ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই । কেন্দ্ৰীয় মন্ত্ৰী চৌবেই মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সাক্ষাৎ কালত কয় কেন্দ্ৰীয় চৰকাৰে অসমৰ কৃষক সকলৰ উন্নয়নৰ লগতে তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ কাৰণে দৃঢ়প্ৰতিজ্ঞ । এই উদ্দেশ্য আগত ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ধান সংগ্ৰহ কৰাৰ লগতে এফ চি আইৰ ভঁৰালত মজুতকৰণৰ ক্ষমতা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলিও কেন্দ্ৰীয় মন্ত্ৰী চৌবেই মুখ্যমন্ত্ৰী ডঃ শৰ্মাক অৱগত কৰে । আনহাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মায়ো এই ক্ষেত্রত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰক সকলো ধৰণৰ সহায় – সহযোগিতা আগবঢ়াব বুলি ব্যক্ত কৰে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সিদিনা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে গুৱাহাটীৰ কাষৰীয়া চাংসাৰী ৰেল ষ্টেচনৰ সমীপত থকা এফ চি আইৰ ভঁৰাল পৰিদৰ্শন কৰি মজুতকৰণৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে বিষয়া সকলক নিৰ্দেশ দিয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…