আজি পুৱতি নিশা কলিয়াভোমোৰা দলঙত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াভোমোৰা দলঙৰ পৰা সৰি পৰে এখন বাহন। ৰেলিং ভাগি ব্ৰহ্মপুত্ৰৰ বুকুত পৰা বাহনখন পৰৱৰ্তী সময়ত ট্ৰাক বুলি থাৱৰ কৰা হয় যদিও বাহনখনত কিমানজন আৰোহী আছিল বাতৰি লিখাৰ সময়লৈকে জ্ঞাত হোৱা নাই। ব্ৰহ্মপুত্ৰৰ বুকুত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা উদ্ধাৰ বাহিনীয়ে যুটীয়াভাবে বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। লগতে কলিয়াভোমোৰা দ্বিতীয়খন দলং নিৰ্মাণ প্ৰতিষ্ঠানৰ এটা কাৰিকৰী গোটে উদ্ধাৰ অভিযানত সহায় আগবঢ়াইছে। শেহতীয়াকৈ ট্ৰাকখনৰ কোনো শুং-সূত্ৰ পাইছে যদিও কোনো আৰোহীকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰীয়ে। গেমন ইণ্ডিয়াৰ দ্বিতীয়খন কলিয়াভোমোৰা দলং নিৰ্মাণ সংস্থাটোৰ এক সূত্ৰই পুৱতি নিশা এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জনাইছে। পুৱা আৰক্ষীৰ এক তহলদাৰী গোটে দলঙৰ ভঙা ৰেলিং দেখি এই বিষয়ে অনুসন্ধান কৰোতে বিষয়টো পোহৰলৈ আহে। উল্লেখ্য যে, আজি পুৱতি নিশা কলিয়াভোমোৰা দলঙত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াভোমোৰা দলঙৰ পৰা সৰি পৰে এখন বাহন।পূৰ্বতেও দলংখনত চাপৰ ৰেলিঙৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈছি যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া দেখা নগ’ল তদুপৰি, নিশা দলঙৰ বিজুলী বাতি আজি বহু বছৰৰ পৰাই বিকল হৈ থকাত যাতায়ত -সংকুল হৈ পৰিছে। বাহনখন উদ্ধাৰৰ পাছতহে প্ৰকৃত তথ্য উদ্ধাৰ হ’ব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…