অসমত গো-সুৰক্ষা আইনেও নাকী লগাব পৰা নাই অবৈধ গৰু সৰবৰাহত। দৈনিক আৰক্ষীৰ চকুৰ আগেদিয়ে অবৈধভাৱে সৰবৰাহ হৈ গৰু। চৰকাৰৰ কঠোৰ আইনৰ পিছতোঅপৰাধীয়ে বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত অব্যাহত ৰাখিছে গো-ধনৰ অবৈধ সৰবৰাহ। উজনিৰ বিভিন্ন স্থানৰ পৰা সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে এতিয়াও চলি আছে গো-ধনৰ অবৈধ সৰবৰাহ। দেওবাৰে জখলাবন্ধা আৰক্ষী নিৱেশৰ অধীনৰ বাগৰি আৰক্ষী চকীয়ে অবৈধভাৱে সৰবৰাহ কৰা গাড়ীসহ গৰু জব্দ কৰাৰ কৰাৰ লগতে অবৈধ সৰবৰাহত জড়িত ৭ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়। এ. এচ. ০২ চি. চি. ৬৩৩৬, এ. এচ. ০২ চি. চি. ১১৬৫, এ. এচ. ০২ বি. ৩৯০৫ আৰু এ. এচ. ০২ বি. চি. ৩৯১৫ নম্বৰৰ গাড়ীকেইখনে উজনিৰ পৰা চামগুৰিৰ বিভিন্ন অঞ্চললৈ উপযুক্ত নথি-পত্ৰ অবিহনে সৰবৰাহ কৰোতে বাগৰিত জখলাবন্ধা আৰু বাগৰি আৰক্ষীৰ জালত পৰে ৩৬ টা গৰুসহ গাড়ীকেইখন। অবৈধ সৰবাহৰ লগত জড়িত চামগুৰি আৰক্ষী নিৱেশ এলেকাৰ কনুৱামাৰীৰ জাকাৰিয়া হুছেইন, বৰমাবিলৰ জান্নাতুল হ’ক, ইব্ৰাহিম আলি, নুৰ মহম্মদ, জমিৰ হুছেইন, বাহাৰুল ইচলাম আৰু বৰমাৰ খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। মাজে-মাজে আৰক্ষীৰ সক্ৰিয়তাত এনে অপৰাধী কৰায়ত্ব হোৱা দেখা যায় যদিও দৈনিক গৰু সৰবৰাহৰ বিৰুদ্ধে চৰকাৰী আইনে কাৰ্য্যকৰী ভূমিকা ল’ব পৰা নাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ভাৰতৰ প্ৰায় ৫৬ শতাংশ ৰোগ খাদ্যৰ পৰাই হয় বুলি এক অধ্যয়নত প্ৰকাশ…
- হাটশিঙিমাৰীৰ পথ দুৰ্ঘটনাত গৰুভৰ্তি তীব্ৰবেগী পিকআপ বাহনৰ খুন্দাত নিহত মহিলা…
- ৰাজ্যত আবকাৰী বিভাগৰ প্ৰতিখন জিলাৰ সুৰা বিপণিক সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ…
- কলেষ্টেৰলো হ্ৰাস পাব আৰু শৰীৰো ঠাণ্ডা হ’ব! তাৰ বাবে কোনবোৰ ফল নিয়মিতভাৱে খাব, জানি লওক…
- কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃৰ তিলনি নোহোৱা পৰ্যন্ত কেবাখনো বিহুৰ সংগীতানুষ্ঠান বাতিল ! বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ…
- উচ্চতা তিনি ফুট, বিখ্যাত ‘বিগ বছ ১৬’ আব্দু ৰ’জিকৰ বিয়া, কইনা কোন…
- শাহু-বোৱাৰীৰ কাজিয়া প্ৰায়ে শুনা যায়! শাহুৰ সৈতে কেনেকৈ সু-সম্পৰ্ক গঢ়িব? এই টিপছসমূহ শিকি লওক…
- পৃথিৱীত পিতৃ-মাতৃতকৈ ডাঙৰ কোনো নাইঃ কাৰাগাৰৰ পৰা বাসগৃহত অৰবিন্দ কেজৰিৱাল…
- কেজৰিৱালৰ জামিন লাভে ইণ্ডিয়া জোঁটক শক্তিশালী কৰিব-ডাঃ ভবেন চৌধুৰী
- মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ