কলিয়াবৰৰ নলতলিত শনিবাৰে নিশা সংঘটিত এটি ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা মৃগাঙ্ক বৰদলৈয়ে৷ কলিয়াবৰ তিনিআালি নিবাসী মৃগাঙ্কই নিশা ঢেকীয়াজুলিৰ পৰা বাইকৰে গৃহাভিমুখী হোৱাৰ পথত নলতলিত দলঙত খুন্দা মৰাৰ ফলতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷কৰ্মসূত্ৰে ঢেকীয়াজুলিৰ বন্ধন বেংকত চাকৰি কৰিছিল মৃঙ্গাঙ্কই। কৰ্মস্থলীৰ পৰা কলিয়াবৰৰ ঘৰলৈ উভতি অহাৰ পথতেই নলতলিত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আকোৱালি লয় প্ৰাক্তন আছু নেতা তথা অমায়িক যুৱক মৃঙ্গাঙ্ক বৰদলৈয়ে। মৃত্যুৰ সময়ত যুৱকজনৰ বয়স আছিল ৩৩ বছৰ। নিৰ্মিয়মান চাৰি লেনযুক্ত পথৰ নিৰ্মাণ সংস্থাৰ পথ নিৰ্দেশনাৰ গাফিলতিৰ বাবে নম্বৰ এ. এচ. ০২ এ. ডি. ২৪০৬ৰ মটৰচাইকেলখনে দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত এই প্ৰাণঘাতক দুৰ্ঘটনাটো সংঘটিত হয়। ইতিমধ্যে, চুলুং আৰক্ষী তহলদাৰী চকীত এক গোচৰ ৰজু কৰিছে। অমায়িক, সামাজিক দায়বদ্ধতাৰে নিজৰ পৰিচয় দাঙি ধৰা কলিয়াবৰ মহাবিদ্যালয়ৰ একালৰ আলোচনী সম্পাদক মৃগাঙ্কৰ অকাল বিয়োগত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ প্ৰেছ ক্লাৱ, অসম যুৱ পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…