কোকৰাঝাৰ জিলাৰ ঐতিহ্যমণ্ডিত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱা কেন্দ্ৰক কৰি বিদ্যালয়খনত আজি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চনা কৰি মধ্যাহ্ন ভোজনৰ চাউল নিশা গোপনে বিদ্যালয় প্ৰাংগনত পুতি থোৱাক কেন্দ্ৰ কৰি একাংশ অভিভাৱক ক্ষুব্ধ হৈ পৰিছে । ছাত্ৰ ছাত্ৰীৰ পেটৰ ভাত কাঢ়ি নি চাউল পুতি থোৱা দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে একাংশ অভিভাৱকে । উল্লেখ্য যে বিদ্যালয় চৌহদত দূৰ্গোন্ধ বিয়পি পৰাত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সন্মতিত বিদ্যালয়ৰ অধ্যক্ষই নিশা হাজিৰা লগাই মধ্যাহ্ন ভোজনৰ ১৭ কুইণ্টলকৈ চাউল পুতি থোৱা বিষয়ে গম পাই আজি একাংশ অভিভাৱকে সাংবাদিকক অৱগত কৰে আৰু মাটি খান্দি পচি যোৱা চাউল বাহিৰ কৰে । অভিভাৱকসকলে ক্ষুব্ধ হৈ সংবাদমাধ্যমৰ আগত কয় যে বিদ্যালয়খনৰ অধ্যক্ষই ছাত্ৰ ছাত্ৰীক নিয়মিতভাৱে মধ্যাহ্ন ভোজন পৰিৱেশন নকৰে । ৩৩২ জন ছাত্ৰ ছাত্ৰী থকা আৰু ছজনকৈ ৰান্ধনী আৰু সহায়িকা থকা বিদ্যালয়খনত এনেদৰে মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইপিনে বিদ্যালয়খনৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীৱে কয় যে খোৱাৰ বাবে অনুপযোগী হোৱা চাউলখিনি বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰস্তাৱ আৰু সিদ্ধান্তমৰ্মে চাউলখিনি পুতি থোৱা হৈছিল বুলি মন্তব্য কৰে । উক্ত চাউলখিনি ২০১৯ চনৰ আছিল বুলি মন্তব্য কৰি অধ্যক্ষই গুদামঘৰৰ আন্ত:গাঁথনি সন্দৰ্ভতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে । বিভাগীয়ভাৱে নিৰ্মান কৰা গুদালঘৰৰ আন্তগাঁথনি মুঠেই সন্তোষজনক নহয় আৰু পানী নিগৰি আহি চাউল নষ্ট হয় বুলি মন্তব্য কৰি চাউলৰ গুদামঘৰত নিগনিৰ উপদ্ৰৱৰ বাবে চাউল নষ্ট হোৱা বুলি মন্তব্য কৰি অধ্যক্ষই বেয়া হোৱা চাউলখিনি ছাত্ৰ -ছাত্ৰীক খুৱাই ছাত্ৰ ছাত্ৰীক মাৰি পেলাব নোৱাৰে বুলি মন্তব্য কৰিছে । তদুপৰি ৰান্ধনি আৰু সহায়িকা কেতিয়াবা নাহে যাৰ পৰিণতিতে চাউল ৰাহী হৈ নষ্ট হয় বুলি মন্তব্যৰে ৰান্ধনি – সহায়িকাৰ ওপৰত অধ্যক্ষৰ নিয়ন্ত্ৰণ নাথাকে আৰু ৰান্ধনি নাহিলে অধ্যক্ষই ৰান্ধি খুয়াব নেকি বুলি প্ৰশ্নও উত্থাপন কৰে অধ্যক্ষই । ইপিনে বিটিচৰ শিক্ষা বিভাগৰ সঞ্চালক জেপি ব্ৰহ্মই ঐতিহ্যমণ্ডিত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱা ঘটনাৰ তদন্ত কৰা হব বুলি মন্তব্য কৰি ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননি জাৰি কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…