বিজ্ঞান প্ৰচাৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান চাইন্স কমিউনিকেটৰচ ফ’ৰাম,বৰমাৰ উদ্যোগত ২৯ সংখ্যক বাক্সা জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ,২০২১ আজি দিনযোৰা কাৰ্যসূচীৰে বি কে ভাণ্ডাৰী এম ই স্কুল প্ৰাঙ্গনত অনুষ্ঠিত হয় ৷ কাৰ্যসূচী অনুসৰি অনুষ্ঠানত পুৱা ৯.৩০ বজাত পতাকা উত্তোলন কৰে বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিনে। শিশু বিজ্ঞানী সকলক শপত বাক্য পাঠ কৰোৱাৰ পিছত দহ বজাত বিজ্ঞান প্ৰকল্প উপস্থাপনৰ দ্বাৰ উন্মোচন কৰে বাক্সা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ভবেন দেউৰীয়ে। ১০.৩০ বজাত কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়। ইয়াৰ পিচতে আবেলি ২ বজাত বি কে ভাণ্ডাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক সতীশ বৰ্মনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট গৱেষক ড° নৃপেন্দ্ৰ নাথ শৰ্মা, নিৰ্দিষ্ট বক্তা হিচাপে শিক্ষাবিদ ড° ফণীধৰ তালুকদাৰ, আমন্ত্ৰিত অতিথি হিচাপে বাক্সা ডি পি অ’ প্ৰণৱজ্যোতি কলিতা, ভূপেন দাস, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামচিয়াৰী, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ভাৰত চন্দ্ৰ তালুকদাৰ আৰু সাংবাদিক ভাৰত ৰাজবংশীয়ে উপস্থিত থাকে ৷ মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে এম্পায়াৰ একাডেমীৰ সভাপতি ৰজনী বৰজৌৱাৰীয়ে। সমাৰোহত বাক্সা জিলাৰ ২৮ খন বিদ্যালয়ৰ পৰা মুঠ ১৬২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু ৭২ টা বিভিন্ন ধৰণৰ প্ৰকল্প প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে আজিৰ এই সমাৰোহৰ পৰা মুঠ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজ্যিক বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত কৰা হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…
- এই ৫ টা বস্তু গাখীৰৰ সৈতে নাখাব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হ’ব…
- জোনাই-চিলাপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ গছপুলি ৰোপন প্ৰকৃতি সেউজীয়া কৰণৰ লক্ষ্য ! TMPKৰ ডেৰমহীয়া বৃক্ষপুলি ৰোপন কাৰ্যসূচী…
- উত্তৰ প্ৰদেশত ঘটিল ভয়াৱহ ঘটনাঃ যাত্ৰা নাটত অসুৰ বধ কৰাৰ সময়তে কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী অভিনেতাই!
- কলিয়াবৰ আমবাগানৰ দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম…
- ‘দবা খেলৰ অভিজ্ঞ খেলুৱৈ ৰাহুল গান্ধী’: বিজেপিৰ কটাক্ষৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছে…
- স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কে এল শৰ্মা কোন…
- কোভিশ্বিল্ডৰ বাবেই মৃত্যু ঘটিছে আমাৰ কন্যাৰ, বিস্ফোৰক অভিযোগ কৰি এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ পিতৃ…