Breaking

বৰঝাৰ আশ্ৰমত বিজেপিৰ সাংগাঠনিক প্ৰশিক্ষণ শিবিৰ

0 2,239

বিজেপিয়ে সাংগঠনিক ভাবে বিভক্ত কৰা ৰাজ্যৰ ৪০ খন সাংগঠনিক জিলাৰ বিজেপি দলীয় কাৰ্যকৰ্তা সকলক ৩ দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি প্ৰশিক্ষণ দি থকা সমান্তৰকৈ ওদালগুৰি জিলা বিজেপিৰ দলীয় কাৰ্যকৰ্তা সকলক প্ৰশিক্ষণ দিবলৈ আয়োজন কৰা প্ৰশিক্ষণ বৰ্গৰ  ২২নবেম্বৰত প্ৰথম দিন – ওদালগুৰি জিলাৰ অন্তৰ্গত বীৰেন্দ্ৰ নগৰ আশ্ৰমত ৷এই প্ৰথম দিনত  ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঝাৰ আশ্ৰমত অনুষ্ঠিত হৈ থকা ওদালগুৰি জিলা  বিজেপিৰ প্ৰশিক্ষণ কেন্দ্ৰত বহু জিলা বিজেপিৰ জেষ্ঠ সকলৰ সকলে সমূহ কাৰ্যকর্তাৰ উপস্থিতিতি পৰিলক্ষিত হৈছে ।২২নবেম্বৰত  প্ৰশিক্ষণৰ প্ৰথম দিনত ৰাতিপুৱা ভাগত পঞ্জীয়ন কৰাৰ পিছত মাতৃবন্দনাৰে প্ৰশিক্ষণ বৰ্গৰ শুভাৰম্ভণি কৰে ।উক্ত তিনিদিনীয়া কাৰ্যসূচীৰ ২২নবেম্বৰত  প্ৰথম দিনত জিলা বিজেপিৰ দলীয় কাৰ্য্যকর্তা সকলক উদ্দেশ্যি জিলাৰ পৰা সমল ব্যক্তি হিচাপে নিৰ্বাচিত হোৱা দলীয় জেষ্ঠ সকলে তেওঁলোকক বান্ধি দিয়া বিষয় সমূহৰ ওপৰত আলোকপাত কৰে ।  ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আয়োজন কৰা উক্ত প্ৰশিক্ষণ বৰ্গত  সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে প্ৰদীপ ৰাভা ,জিতু কিষান ,আশুতোষ, চৌধুৰী ,পুষ্পধৰ শৰ্মা ,খগেন ডেকা আদি জেষ্ঠ সকলে ।এওঁলোকৰ উপৰিও বিটিচি ই এম দিগন্ত বৰুৱা  আদি কৰি জিলা সভাপতি সুনীল বসুমতাৰী দেৱো উপস্থিত থাকে ।

Leave A Reply