ওদালগুৰি জিলা ভেৰগাঁও মহকুমা অন্তৰ্গত টংলা জলসিঞ্চন সংমণ্ডলক কেন্দ্ৰ কৰি সমাজসেৱক পংকজ অসমীয়াৰ এনে মন্তব্য””টংলা জলসিঞ্চন সংমণ্ডল খেতিয়কৰ আৰু ৰাইজৰ বাবে নহয় কেবল দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰ আৰু শীৰ্ষ বিষয়াৰ লুন্ঠন ৰাজ চলাবৰ বাবেহে।””উল্লেখযোগ্য যে যোৱা ১৭ নৱেম্বৰ তাৰিখে টংলা জলসিঞ্চন সংমণ্ডলত ৪.১৮ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অসমীয়া প্ৰতিদিন কাকতত ঠিকা কামৰ আৱন্টনৰ বিপৰীতে জমা ৰখা ধনৰ মুঠ ৪.১৮ কোটি কৌশলৰে কোষাগাৰ সঞ্চালকালয়ৰ পৰা উলিয়াই আনি বছা বছা ঠিকাদাৰৰ লগত বুজা বুজি কৰি যিমান ধন ঠিকাদাৰে পায় তাতোকৈ অধিক ধন ঠিকাদাৰৰ একাউণ্টত সুমুৱাই দি তাৰে ৮০ শতাংশ ধন ঠিকাদাৰৰ পৰা উলিয়াই আত্মাসাৎ কৰা বুলি সবিস্তাৰে এটি বাতৰি প্ৰকাশিত হৈছিল।সেয়েহে সমাজসেৱক পংকজ অসমীয়াই বৃহৎ কেলেংকাৰীটোৰ লগত জড়িত থকা জলসিঞ্চন বিভাগৰ অধ্যক্ষ তথা অভিযন্তা মৃগেন বড়ো কোকৰাঝাৰ, টংলা সংমণ্ডলৰ কৰ্যবাহী অভিযন্তা সত্যৰাম কলিতা আৰু গাননিক প্ৰভাত কলিতাৰ নেতৃত্বত এই বৃহৎ কেলেংকাৰীটোৰ লগত জড়িত থকা চৰকাৰী বিষয়া সকলৰ বিৰুদ্ধে অতিশীঘ্ৰেই আইনী ব্যৱস্থা লবলৈ যোৱা ১৮ নৱেম্বৰ তাৰিখে টংলা আৰক্ষী থানাত এটি এজাহাৰ দাখিল কৰিছিল আৰু সেয়েহে আজি তদন্ত পক্ৰিয়া কিমান ক্ষিপ্ৰ গতিত আগবাঢ়িছে তাৰ খবৰ লবলে আহি টংলা থানাৰ সন্মুখত এজাহাৰকাৰী পংকজ অসমীয়াই চৰকাৰী বিষয়াৰ অবাদ লুণ্ঠনৰাজক অতিষ্ঠ হৈ সাংবাদিকৰ আগত এনেধৰণৰ মন্তব্য কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…