Breaking

সৃষ্টি ডান্স এন্ড ড্রামা ফাউন্ডেচনৰ বঁটা বাতৰণী অনুষ্ঠান সম্পন্ন

0 2,234

 পশ্চিম নলবাৰী অঞ্চলৰ অন্যতম   সাংস্কৃতিক অনুষ্ঠান সৃষ্টি ডান্স এন্ড ড্রামা ফাউন্ডেচনৰ  ‘ ৰ উদ্যোগত  শিশু দিবস উপলক্ষে   অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ   ছাত্র ছাত্রী সকলৰ মাজত কালি পুৰস্কাৰ সমুহ  বিতৰণ কৰা হয়। ।পশ্চিম নলবাৰী প্ৰেছক্লাৱৰ মঞ্চসুৰ্য ধৰণী বৰ্মণ প্ৰেক্ষাগৃহত  একাডেমীৰ অধ্যক্ষ হিৰণ্য ৰাজৰ সঞ্চালনাত অনুষ্ঠিত এই বঁটা বিতৰণী সভাত  চিত্ৰাংকণ,নৃত্য আৰু ৰাম -ৰাৱন খেল  প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা ছাত্র-ছাত্ৰী সকলক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ সমুহ  বিতৰণ কৰে পশ্চিম নলবাৰী প্ৰেছক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে।অনুষ্ঠানত একাডেমীৰ প্ৰশিক্ষক,অভিভাৱক-অভিভাৱিকা সকল উপস্থিত আছিল।পুৰস্কাৰ বিতৰণ কৰি সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনে ছাত্ৰ-ছাত্ৰী সকলক চিত্ৰ শিল্প আৰু নৃত্য গীতৰ মাজেৰে অধ্যয়নত ব্ৰতী হোৱাৰ বাবে পৰামৰ্শ  আগবঢ়ায় ।

Leave A Reply