গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অধীনস্থ সম্প্ৰসাৰণ শিক্ষা কেন্দ্ৰ চমুকৈ ই টি চিয়ে বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহৰ নিৰ্বাচিত প্ৰতিনিধি সকলক তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ লগতে পঞ্চায়ত সমূহৰ জৰিয়তে সাধাৰণ ৰাইজে যাতে জীৱিকা নিৰ্বাহৰ পথ বা বিকল্প সংস্থাপন উলিয়াব পাৰে তাৰ বাবে বিশেষ অভিযান , প্ৰশিক্ষণ , কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে । ইয়াৰ অংশহিচাপে পহিলা নৱেম্বৰৰ পৰা ই টি চিৰ অধীনত চলি আছে পাঁচ সপ্তাহযোৰা কৰ্মশালা । ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে এই কৰ্মশালাত কামৰূপ , কামৰূপ মহানগৰ আৰু মৰিগাঁও জিলাৰ ১৮ টা উন্নয়ন খণ্ডৰ অধীনৰ ১৯৯ টা গাঁও পঞ্চায়তক সামৰি লোৱা হৈছে । মূলত পঞ্চায়ত সমুহৰ পৰা দৰিদ্ৰতা দূৰ বা হ্ৰাস কৰা , পৰিকল্পনা আৰু পঞ্চায়ত উন্নয়ন পৰিকল্পনাত ইয়াৰ অন্তৰ্ভূক্তিকৰণৰে পঞ্চায়ত সমূহক অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ লক্ষ্যৰে এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । তেনেদৰে প্ৰতিটো পঞ্চায়তৰ বাবে দুদিনকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । এই কৰ্মশালাত গাঁও পঞ্চায়ত সমূহৰ সভাপতি ,সদস্য , পঞ্চায়ত সংগঠনৰ নিৰ্বাচিত সদস্য , জীৱিকা সখী , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড সমন্বয়ক , সকলে প্ৰশিক্ষাৰ্থী হিচাপে ভাগ লৈছে । আনহাতে কৰ্মশালাত ই টি চিৰ ফেকাল্টি সকলে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে জিলা আৰু খণ্ড পৰ্যায়ৰ সমল ব্যক্তি সকলে প্ৰশিক্ষক হিচাপে কৰ্মশালাত প্ৰশিক্ষণ দি আহিছে । ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষাৰ্থী সকলক তেওঁলোকে যাতে নিজ নিজ গাঁও পঞ্চায়তত মহিলা আত্মা সহায়ক গোট সমূহক অধিক আৰ্থিক ভাৱে স্বাৱলম্বী কৰিব পাৰে , পঞ্চায়তৰ জৰিয়তে জীৱিকাৰ ক্ষেত্ৰ সমূহ উলিয়াই দৰিদ্ৰতা দূৰ কৰাত গুৰুত্ব আৰোপ কৰিব পাৰে , আঁচনি সমূহৰ সফল ৰূপায়ণৰে মহিলা সকলৰ আৰ্থ সামাজিক বিকাশৰ আঁচনি সমূহৰ সফল ৰূপায়ণ কৰি গাঁও পঞ্চায়ত এলেকাৰ চেহেৰাই সলনি কৰিব পাৰে তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে এই কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ ৫ ডিচেম্বৰত সামৰণি পৰিব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…