বৰপেটাৰ এটি দৰিদ্ৰ পৰিয়ালক আজি আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এখন ই-ৰিক্সা প্ৰদান কৰা হয় । বৰপেটাৰ ঘোঁৰামাৰা হাটীৰ প্ৰয়াত জিতু দাসৰ দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ পথ হিচাপে দুখীয়া পৰিয়ালটোলৈ এই ই-ৰিক্সা খন প্ৰদান কৰে সংস্থাটোৱে । আজি আজমল ফাউণ্ডেশ্যনৰ হৈ মুফতি ছামচুদ্দিন আহমেদ আৰু আশ্ৰাফুল মামুনে প্ৰয়াত জিতু দাসৰ বাসগৃহত উপস্থিতহৈ পৰিয়ালৰ লোকৰ হাতত ই-ৰিক্সাখন প্ৰদান কৰে । উল্লেখ্য যে বৰপেটা চহৰত ঠেলা চলাই কঠোৰ পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰা জিতু দাস নামৰ লোকগৰাকীয়ে এবছৰ পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে । মৃত্যুৰ পূৰ্বেও লোকগৰাকীৰ চিকিৎসাৰ সহায়ৰ বাবে আজমল ফাউণ্ডেশ্যনৰ হকে মুফ্তি ছামচুদ্দিন আহমেদ আৰু আশ্ৰাফুল মামুনে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছিল যদিও চিকিৎসাধীন অৱস্থাতেই লোকজন মৃত্যুমুখত পৰে । দুগৰাকী ল’ৰা -ছোৱালী আৰু পত্নীৰে সৈতে দুখীয়া পৰিয়ালটোৰ মুল উপাৰ্জনকাৰী লোকগৰাকী এইদৰে মৃত্যু হোৱাৰ পিছত পৰিয়ালটো এক অভাৱনীয় আৰ্থিক দূৰ্যোগৰ সন্মুখীন হয় ৷ পৰিয়ালটোৰ দূৰ্দশাৰ কথা অনুধাৱন কৰি আৰু এইক্ষেত্ৰত বৰপেটাৰ স্থানীয় সাংবাদিক পুলেন্দ্ৰ দাসে আজমল ফাউণ্ডেশ্যনৰ প্ৰতিনিধি সকলক অৱগত কৰে । পৰিয়ালটোৱে সন্মুখীন হোৱা সমস্যাৰ পৰা পৰিয়ালটেক উদ্ধাৰ কৰাৰ লগতে পৰিয়ালটোক উপাৰ্জনৰ পথ এটা মোকলাই দিয়া আৰু দুৰ্ভগীয়া পৰিয়ালটোক সকাহ হ’ব পৰাকৈ আজমল ফাউণ্ডেছনৰ তৰফৰ পৰা ই-ৰিক্সাখন প্ৰদান কৰে ৷ দুখীয়া পৰিয়ালটোক সকাহ দিয়াৰ বাবে আজমল ফাউণ্ডেছনে লোৱা উদ্যোগ আৰু এইক্ষেত্ৰত সাংবাদিক পুলেন্দ্ৰ দাসে লোৱা তৎপৰতাত স্থানীয় লোকে আদৰনি জনোৱাৰ লগতে আজমল ফাউণ্ডেশ্যনৰ এনে পদক্ষেপৰ বাবে পৰিয়ালটোৱে কৃতজ্ঞতা জনায় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…