বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ম’হচৰা গাঁৱত মঙলবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰি কাণ্ড। নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী কাছুমাৰাৰ পূৱ ম’হচৰাত সিন্ধি খন্দা চোৰৰ সন্ত্ৰাস। চোৰে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰবেশ কৰি সৰকালে মটৰ চাইকেল আৰু মোবাইল। জানিব পৰা মতে পূৱ ম’হচৰা গাঁৱৰ ইয়াকুব আলী নামৰ লোক জনৰ ঘৰত মঙ্গলবাৰে নিশা আনুমানিক প্ৰায় ২ বজাত চোৰে সিন্ধি খান্দি থকা ঘৰত সোমায় টেবুলৰ ওপৰৰ পৰা এটা মোবাইল মটৰ চাইকেলৰ ছাবি পাত লৈ অন্য কোঠাৰ পৰা AS25 S 3129 নম্বৰৰ মটৰ চাইকেল খন চুৰি কৰি লৈ যায়। পুৱা বহু পলমকৈ গৃহস্থই গম পোৱাত হুলস্থুল সৃষ্টি হয়। ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাত অৱগত কৰাৰ পিছত কাছুমাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও খামিডাঠ চোৰৰ কোনো উৱাদিহ পোৱা নাই। উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিনৰে পৰাই সৰু সুৰা চুৰিকাণ্ড সংগঠিত হৈ আছে যদিওঁ আৰক্ষীয়ে কোনো চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আগলৈ আৰক্ষীক তৎপৰ হৈ চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!
- প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ ঘোষণা বিদ্যালয়, মহাবিদ্যালয়…
- নগাঁৱত মঞ্চস্থ হ’ব ৰংগালয়ৰ নাটক অথেল’– এ পলিটিকেল ট্রেপ…
- চলচ্চিত্ৰ পৰিচালক তথা মোমায়েক আয়ান মুখাৰ্জীৰ সৈতে ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা, মৰমলগা অভিব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে…