গ্ৰাম্যাঞ্চলত থকা ক্ৰিকেট প্ৰতিভা বিকাশৰ বাবে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপৰ প্ৰথম পৰ্য্যায়ৰ খেলসমূহ আজিৰে পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে। অসম ক্ৰিকেট সন্থাৰ অধীনত থকা প্ৰত্যেকখন জিলাক এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ অসম ক্ৰিকেট সন্থাই আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ্যোগত আজিৰে পৰা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ জিলা পৰ্য্যায়ৰ খেলসমূহ নাগশঙ্কৰ স্থিত ডা০ টি. আও গ্ৰাম্য ক্ৰীড়াঙ্গনত অনুষ্ঠিত হৈছে। কলিয়াবৰ ক্ৰিকেট সন্থাই অসম ক্ৰিকেট সন্থাৰ অধীনত কলিয়াবৰৰ ১২টা শীৰ্ষ ক্লাৱৰ মাজত অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত কৰিছে। আজি পুৱাই ক্ৰিকেট সন্থাৰ আয়োজন কৰা প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়শ্বীপৰ চতুৰ্থ সংস্কৰণৰ শুভাৰম্ভণী কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে। ইয়াৰ পূৰ্বে কলিয়াবৰ জিলা ক্ৰীড়া সন্থা, কলিয়াবৰ ক্ৰিকেট সন্থাৰ লগতে যোগদান কৰা ক্লাৱসমূহৰ পতাকা উত্তোলন কৰে ক্ৰমে – জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি আলিমুদ্দিন আহমেদ, কলিয়াবৰ ক্ৰিকেট সন্থাৰ সভাপতি মণিমাধৱ মহন্ত আৰু দলসমূহৰ প্ৰতিনিধিবৰ্গই। অনুষ্ঠানত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক কুসুম ডেকাৰ লগত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া আৰু ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিয়ে ক্ৰিকেট খেলুৱৈসকলক উৎসাহিত কৰা পৰিলক্ষিত হয়। আজিৰ উদ্বোধনী খেলত অৰুণোদয় সংঘক ইউনিক ক্লাৱে ৬৬ ৰাণত পৰাস্ত কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…