যোৱা উপ-নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ভাষণত দিয়া প্ৰতিশ্ৰুতি সমুহ ৰক্ষা কৰাৰ বাবেই মঙলবাৰে সন্ধিয়া ধুবুৰী জিলাৰ কামানডাঙ্গা গাওঁ পঞ্চায়ত তথা কোকৰাঝাৰ জিলাৰ ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘডোকৰাত উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমদ বড়ো । অসম-বঙ্গ সীমান্তৰে বৈ যোৱা গংগাধৰ নদীৰ দীৰ্ঘদিনীয়া গৰাখহনীয়াৰ সমস্যা বুজ লবলৈ অসম-বঙ্গ সীমান্তৰ গংগাধৰ নৈৰ পাৰত উপস্থিত হয় বি টি আৰ প্ৰধান প্ৰমোদ বড়ো । উল্লেখ্য যে ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত অন্তৰ্গত অসম-বঙ্গ সীমান্তৰ বাঘডোকৰা অঞ্চলৰ দীৰ্ঘ দিনীয়া সমস্যা গংগাধৰ নদীৰ গৰাখহনীয়াক কোনো এজন মন্ত্ৰী বিধায়কে গুৰুত্ব নিদিয়াত গৰাখহনীয়াই জোংবন্ধা গাঁও খন সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন কৰাৰ উপৰি বাঘডোকৰা গাঁও খনৰ প্ৰায় নব্বৈ শতাংশ এলেকা নদীৰ বুকুত বিলীন কৰি পেলাইছে । যোৱা উপ-নিৰ্বাচনৰ সময়ত মিত্ৰজোঁটৰ সমৰ্থিত ইউ পি পি এল দলে গংগাধৰ নদীৰ গৰাখহনীয়াক মুল ইছ্যু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি ইউ পি পি এল দলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী জয়ী হবলৈ সক্ষম হয় । সেয়ে নিৰ্বাচনত জয় লাভ কৰাৰ পিছত ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ বাবে ২৮ নং গোসাইগাওঁ বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক জিৰন বসুমাতাৰী, বি টি আৰৰ কাৰ্য্যকাৰী সদস্যত্ৰয় ক্ৰমে উকিল মুছাহাৰী, অৰূপ কুমাৰ দে, কৌশিক নাৰ্জাৰী আৰু ৩নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ সজল সিংহক লগতলৈ বি টি আৰ প্ৰধান প্ৰমোদ বড়োয়ে মঙলবাৰে আহি উপস্থিত হয় বাঘগোকৰাত । মনকৰিবলগীয়া কথা যে উপ-নিৰ্বাচনত বিজয় লাভ কৰাৰ পিছত গোসাইগাঁও সমষ্টিটোৰ অন্তৰ্গত বাঘডোকৰা অঞ্চলৰ ৰাইজক ধন্যবাদ জনাবলৈ আহি গংগাধৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে অচিৰেই কাম আৰাম্ভ কৰিব বুলি ৰাইজৰ আগত মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । আনহাতে ২৮ নং গোসাঁইগাঁও বিধানসভাৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত দিয়া সকলোবোৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হব বুলি ৰাইজৰ আগত মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…