অসম আদৰ্শ বিদ্যালয় বৰপামত দিনজোৰা কাৰ্যসূচীৰে লাচিত দিৱস পালন কৰা হয়। সঞ্চালক নৃপেন বৰদলৈয়ে লাচিত বৰফুকনৰ ফটোত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসম আদৰ্শ বিদ্যালয় বৰপামৰ প্ৰধান শিক্ষক সঞ্জয় কলিতাই আঁত ধৰা মূলসভাখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক সমবেত সংগীতৰে শুভাৰম্ভ কৰে। তৃতীয় শ্ৰেণীৰ ছাত্ৰী নিয়ৰ বড়োয়ে ভূপেন্দ্ৰ সংগীতৰ আধাৰত প্ৰদৰ্শনীমূলক নৃত্য পৰিৱেশন কৰি সকলোকে অভিভূত কৰি তোলে। সঞ্চালক নৃপেন বৰদলৈয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি লাচিত বৰফুকনৰ ব্যক্তিত্ব, অসমৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত বৰফুকনৰ অৱদান সুন্দৰ আৰু সাৱলীলভাৱে উপস্থাপন কৰে। লাচিত দিৱসত বিদ্যালয় বন্ধ নিদি অসম আদৰ্শ বিদ্যালয় বৰপামে দিৱস উদযাপন কৰা বাবে সভাত উপস্থিত অভিভাৱকৰ লগতে সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰে। এই প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰীৰ মাজত লাচিত বৰফুকনৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি বিজ্ঞজনে সাংবাদিকক জানিবলৈ দিয়ে। চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম দিব্যজ্যোতি বসুমতাৰী, ৰকজয় বসুমতাৰী দ্বিতীয়, স্মৃতিৰাণী পাতৰ আৰু ৰূপা বসুমতাৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। আনহাতে ‘খ’ শাখাত খুচি ঘাটোৱাৰ প্ৰথম, দিপিকা বৰা দ্বিতীয় আৰু বৰ্ণালী পাতৰে তৃতীয় স্থান লাভ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দৰিদ্ৰতাক নেঁওচি জুয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ ভৰ্ষিতা
- উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হাৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা…
- পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল ! পথ দুৰ্ঘটনাত নিহত ৰমেন বিশ্বাস উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত…
- ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতা…
- উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হাৰত কলা বিজ্ঞান বাণিজ্য শাখাত নিম্ন স্থানত কোন কোন জিলা…
- ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মূল্যৰ বিশেষ টিকট মুকলি…
- উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাণিজ্য শাখাত প্ৰথম স্থানত শিৱসাগৰ জিলা, ভূ-বিজ্ঞান বিষয়ত অসমৰ ভিতৰত প্ৰথম নাজিৰাৰ মেজেঙ্গা কেতেকীবাৰীৰ স্নেহা কুৰ্মী…
- Laapataa Ladiesত অভিনয় কৰা নিতাংশী গোৱেল কোন? যাৰ অভিনয়ে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিছে…
- আই পি এলঃ ৰাহুলক ককৰ্থনা LSGৰ স্বত্বাধিকাৰ সঞ্জীৱ গোৱেংকাৰৰ! অনুৰাগীৰ খং…
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ…