অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু বিত্তীয় ব্যৱস্থাপনাৰ ভূল পৰিচালনাৰ বিৰুদ্ধে আজি নগাঁও জিলাৰ চামগুৰিত কংগ্ৰেছ দলে জনজাগৰণ অভিযানৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত লাওঁখোৱা আৰু বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা জনজাগৰণ অভিযান কাৰ্যসূচীত কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে চামগুৰি তিনিআলিৰ পৰা বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়লৈ পদ যাত্ৰা কৰি এখন সভা অনুষ্ঠিত কৰে ৷উক্ত জনজাগৰণ অভিযানৰ পদযাত্ৰা কাৰ্যসূচীত চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰা, লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিক ম: নাজাৰ, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুল চৌভান চৰকাৰ, নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি তপন কুমাৰ শৰ্মা, কংগ্ৰেছ নেতা সুৰেশ বৰাকে ধৰি বহুকেইজন কংগ্ৰেছ নেতাই উক্ত পদযাত্ৰাত অংশ গ্ৰহণ কৰে ৷ পদযাত্ৰাৰ অন্তত বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা সভাখনত কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈসহ উপস্থিত থকা কংগ্ৰেছৰ বিধায়ক সকলে বিজেপি শাসনাধীন চৰকাৰ খনে অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি তথা বিত্তীয় ব্যৱস্থাপনাৰ ভূল পৰিচালনাৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে ৷নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি তপন কুমাৰ শৰ্মাই আতঁধৰা সভাখনত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত কয় যে, বৰ্তমান চৰকাৰ খনে দুখীয়া মানুহৰ কথা চিন্তা কৰা নাই, যাৰ বাবে অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ দাম প্ৰতিদিনে বাঢ়ি আছে ৷ কংগ্ৰেছ দলে সদায় দুখীয়া মানুহৰ কথা চিন্তা কৰে কিন্ত বিজেপিয়ে সদায় পুজিপতিৰ কথা চিন্তা কৰে গতিকে ৰাইজ সজাগ আৰু সচেতন হোৱাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে ৷ বজাৰত জ্বলিছে জুই বৰ্তমান চৰকাৰ খন আছে শুই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি চৰকাৰ খনক কেচা মাটিৰ গোন্ধ ল’বলৈ আহ্বান জনাই ৷ উক্ত সভাখনত উপস্থিত থকা বিধায়ক সকলে বৰ্তমান চৰকাৰ খনৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে ৷আজি অনুষ্ঠিত হোৱা জনজাগৰণ অভিযান কাৰ্যসূচীত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…