Breaking

ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকালৈ ” ২০২১ বৰ্ষৰ টীয়কপৰীয়া সাহিত্য বঁটা”

0 2,250

টীয়কৰ অগ্ৰণী কাব্যানুষ্ঠান ”শিকলি”ৰ উদ্যোগত প্ৰৱৰ্তন কৰা  বাৰ্ষিক বঁটা ” প্ৰয়াত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী টীয়কপৰীয়া সাহিত্য বঁটা  ২০২১ ”  প্ৰদানৰ অৰ্থে   ‘ ৰহস্য সম্ৰাট ‘ খ্যাত বৰেণ্য  সাহিত্যিক  ৰঞ্জু হাজৰিকাক নিৰ্বাচিত কৰা হৈছে ।২০২০ চনত পোনপ্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল বৰেণ্য সাহিত্যিক ,গৱেষক অধ্যাপক তথা চিত্ৰকৰ ড° ভাৰত বৰাক ।অসমীয়া সাহিত্যজগতৰ ‘ৰহস্য সম্ৰাট ‘ , এক বিস্ময়কৰ প্ৰতিভা তথা সাতশৰো অধিক অভিলেখ সংখ্যক গ্ৰন্থ ৰচনা কৰা    সাহিত্যিক ৰঞ্জু হাজৰিকাক দ্বিতীয় বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰিবলৈ সুযোগ লাভ কৰাৰ বাবে সন্তুষ্টি  প্ৰকাশ কৰিছে ‘শিকলি’ কাব্যালোচনীৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকা , সহকাৰী সম্পাদক হেমন্তজ্যোতি গগৈ আৰু এই বঁটাৰ দাতা  টীয়ক নিবাসী কবি দেৱজিত হাজৰিকাই । উক্ত বঁটাটিত থাকিব গামোচা -চেলেং , প্ৰশস্তি পত্ৰ , স্মাৰক , গ্ৰন্থৰ টোপোলা তথা নগদ ধন । আগন্তুক বসন্ত ঋতুত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি বৰেণ্য সাহিত্যিকগৰাকীক উক্ত বঁটাটি প্ৰদান কৰা হ’ব বুলি জনায় শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই ।

Leave A Reply