নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ ধনী ডেকা আৰু কনিকা ডেকাৰ একমাত্ৰ পুত্ৰ সন্তান ২১ বছৰীয়া যুৱক ৰতন ডেকা চিকিৎসাৰ অভাবত কৰুণ ভাবে মৃত্যুক সাবটিব লগা হয়। । জানিব পৰা মতে বুধবাৰে ৰাতিপুৱা ৰতনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়া ভাগত ৰতন ডেকাক ৰঙিয়া এখন ব্যাক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সন্ধিয়াভাগত তাতে তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে ৰতন ডেকাৰ দুয়োটা বৃক্কই বিকল বুলি চিকিৎসকে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে কান্দোনত ভাগি পৰিছিল।পিতৃ শাৰীৰিক ভাবে অসুস্থ কাৰণে ৰতন ডেকাই পিতৃ মাতৃৰ বাবে দুবেলাৰ ভাতমুঠি যোগাৰ কৰিবলৈ ৰঙিয়াৰ এখন কিতাপ তথা বাতৰি কাকতৰ দোকানত কাম কৰি কোনোমতে চলি আছিল।কিছুদিন পুৰ্বে হঠাৎ ৰতন শৰীৰিক ভাবে অসুস্থ হৈ পৰাত পৰিয়ালে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ৰতনৰ দুয়োটা বৃক্কই বিকল হোৱা বুলি ডাক্তৰে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে ৰতনৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহে।পিতৃ-মাতৃয়ে আনৰ পৰা ধন ধাৰত লৈ বিভিন্নখন চিকিৎসালয়ৰ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালতো চিকিৎসা কৰিলে যদিও ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা থমকি ৰৱলগা হয়। উল্লেখ্য যে চিকিৎসকে ৰতনৰ চিকিৎসাৰ বাবে ৩০/৩৫ লাখ টকাৰ প্ৰয়োজন বুলি কোৱাত উপায়ন্তৰ হৈ পিতৃ মাতৃৰ লগতে গাঁওবাসীয়ে অসম চৰকাৰ তথা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ আহ্বান জনোৱাৰ লগতে নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সেৱ কেন্দ্ৰত সহায় বিচাৰি আবেদন-নিবেদন কৰিছিল যদিও কোনো সুফল নাপালে বুলি পৰিয়ালৰ তৰপৰ জানিব পৰা গৈছে।উল্লেখ্য যে ৰাজ্য চৰকাৰে দুখীয়া দৰিদ্ৰ লোকৰ বাবে কেইবাখনো অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও ৰতনৰ দৰে এনেকুৱা দাৰিদ্ৰ যূৱকৰ ক্ষেত্ৰত কোনো এখন চৰকাৰী আঁচনিয়ে কিয় ঢুকি নাপালে বুলি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিকে ধৰি পৰিয়ালয়ে ক্ষোভ প্ৰকাশ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…