গোৱালপাৰা জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কুশধোৱা উন্নয়ন খণ্ড আৰু দুধনৈ কৃষি চক্ৰৰ সহযোগত আজি দৰংগিৰী গাঁও পঞ্চায়তৰ অধীনত মৈশখুলি খামাৰ গাঁওত পথাৰ দিৱসৰ সৈতে সংগতি ৰাখি কৃষক ৰাইজৰ সহযোগত মূল্যায়ন ব্যৱস্থাৰে বিভিন্ন জাতৰ ধান আনুষ্ঠানিকভাৱে কাটি প্ৰদৰ্শিত কৰা হয়। কৃষি বিভাগে উক্ত গাঁওত বিভিন্ন জাতৰ দহ বিধ ধানৰ বীজ ৰোপণ কৰিছিল। এই দহবিধ ধান ক্ৰমে- ৰঞ্জিত চাব-১, স্বর্ণ চাব-১, বাহাদুৰ চাব-১, পান যমুনা, শ্ৰীলংকা (থলুৱা), সঞ্জয় (থলুৱা), কুনকুনি জোহা, আইজং মসুৰী, পাতি (থলুৱা) আৰু জয়মতী। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ অধীনত দৰংগিৰীৰ নিকটৱৰ্তী মৈশখুলি খামাৰ গাঁওত ডেৰ বিঘা মাটিত দহ বিধ ধানৰ বীজ ৰোপণ কৰাৰ পিছত আজি ধান সমুহ প্ৰদৰ্শনৰ বাবে কটা হয়। এই উপলক্ষে উক্ত গাঁওত আজি কৃষি বিভাগৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা হয়। উক্ত সভাত দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, গোৱালপাৰা জিলা কৃষি বিষয়া প্ৰসেনজিত বৰা, জিলা কৃষি বিভাগৰ সহকাৰী সঞ্চালক আব্দুল ৱাহিদ, গোৱালপাৰা মহকুমা কৃষি বিষয়া আবু বক্কৰ চিদ্দিক, দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যক্ৰম সমন্বয়ক তথা প্ৰধান বিজ্ঞানী ডঃ সন্তোষ বৈশ্য, পথাৰ শস্য বিশেষজ্ঞ ডঃ হৰিচৰণ কলিতা, কুশধোৱা খণ্ডৰ প্ৰযুক্তি প্ৰবন্ধক হোমেন ব্ৰহ্ম, কৃষি উন্নয়ন বিষয়া প্রিয়ংকু মজুমদাৰ, দৰংগিৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী অলকা ৰাভা, আন্তৰ্জাতিক কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী মৃদুপৱন মুদৈ উপস্থিত থাকি খেতি সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়ায়। উল্লেখযোগ্য যে গাওঁখনৰ খেতিয়ক দেবাজ্যোতি ৰাভাৰ ডেৰ বিঘা খেতিত এই দহ বিধ ধানৰ বীজ পৰীক্ষামুলক ভাবে ৰোপণ কৰা হৈছিল। খেতিয়ক গৰাকীয়ে জানিবলৈ দি কয় যে বিগত সময়ত কৰা খেতিতকৈ এই ধৰণে কৰা খেতি যথেষ্ট ভাল হৈছে। এনেদৰে বীজৰ সমহাৰেৰে ধানৰ খেতি কৰিব পাৰিলে খেতিয়ক সকল বেছি উপকৃত হব। আনহাতে কৃষি বিষয়া সকলে নিজৰ মন্তব্যত প্ৰকাশ কৰি কয়- পথাৰ দিৱসৰ সৈতে সংগতি ৰাখি মহান উদ্দেশ্য লৈ খেতিয়কৰ সহায়ৰ বাবে মূল্যায়ন পদ্ধতিৰে কৰা খেতিৰ বাবে যথেষ্ট উপকৃত হব। আগন্তুক সময়তো জিলা খনৰ বিভিন্ন ঠাইত এনে ধৰণে খেতি কৰি খেতিয়কক উপকৃত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে কৃষি বিষয়া সকলে। সভাৰ শেষত সকলোৱে খেতি পথাৰত নামি ধান সমূহৰ পৰীক্ষা নিৰীক্ষা কৰি খেতিয়ক সকলক বুজাই দিয়ে কৃষি বিষয়া সকলে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…