চৰাইদেউ জিলাৰ সাপেখাতীৰ বাসিন্দা অৱসৰ প্ৰাপ্ত শিক্ষক তথা ক্ৰীড়া সংগঠক পোৱাল চন্দ্ৰ চাংমাইৰ নিশা বাৰ্ধক্য জনীত কাৰণত পৰলোকগামী হোৱাত সমগ্র অঞ্চলতে শোকৰ ছাঁ পৰিছে । ১৯৬২ চনৰে পৰা সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে কৰ্মৰত হৈ ১৯৯৬ চনত অৱসৰ গ্ৰহণ কৰা ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী পোৱাল চন্দ্ৰ চাংমাইয়ে ১৯৬৩ চনৰ পৰাই অবিভক্ত শিৱসাগৰ জিলা আৰু বৰ্তমান চৰাইদেউ জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট অৱদান আগবঢ়াই আহিছিল ।১৯৬৩ চনতে সাপেখাতী ক্ৰীড়া সন্থা প্ৰতিষ্ঠা কৰি বৰহাট,বগাদাত ,টিংখং আদি অঞ্চলত ফুটবল, কাবাডী ,খো-খো , এথেলেটিকচ্ আদিত বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টি কৰিছিল । চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ লগত প্ৰতিষ্ঠা কালৰ পৰা জড়িত হোৱাৰ লগতে প্ৰায় ৬২ বছৰ ক্ৰীড়া জগতৰ লগত জড়িত হৈ আছিল । অসম চৰকাৰৰ ২০২০ -২১বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া পেঞ্চনৰ স্বকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল । তেখেতৰ মৃত্যুত সাপেখাতী অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…
- এই ৫ টা বস্তু গাখীৰৰ সৈতে নাখাব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হ’ব…
- জোনাই-চিলাপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ গছপুলি ৰোপন প্ৰকৃতি সেউজীয়া কৰণৰ লক্ষ্য ! TMPKৰ ডেৰমহীয়া বৃক্ষপুলি ৰোপন কাৰ্যসূচী…