চৰাইদেউ জিলাৰ সাপেখাতীৰ বাসিন্দা অৱসৰ প্ৰাপ্ত শিক্ষক তথা ক্ৰীড়া সংগঠক পোৱাল চন্দ্ৰ চাংমাইৰ বুধবাৰে নিশা বাৰ্ধক্যজনীত কাৰণত পৰলোকগামী হোৱাত সমগ্র অঞ্চলতে শোকৰ ছাঁ পৰিছে । ১৯৬২ চনৰে পৰা সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে কৰ্মৰত হৈ ১৯৯৬ চনত অৱসৰ গ্ৰহণ কৰা ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী পোৱাল চন্দ্ৰ চাংমাইয়ে ১৯৬৩ চনৰ পৰাই অবিভক্ত শিৱসাগৰ জিলা আৰু বৰ্তমান চৰাইদেউ জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট অৱদান আগবঢ়াই আহিছিল ।১৯৬৩ চনতে সাপেখাতী ক্ৰীড়া সন্থা প্ৰতিষ্ঠা কৰি বৰহাট,বগাদাত ,টিংখং আদি অঞ্চলত ফুটবল, কাবাডী ,খো-খো , এথেলেটিকচ্ আদিত বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টি কৰিছিল । চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ লগত প্ৰতিষ্ঠাকালৰ পৰা জড়িত হোৱাৰ লগতে প্ৰায় ৬২ বছৰ ক্ৰীড়া জগতৰ লগত জড়িত হৈ আছিল । অসম চৰকাৰৰ ২০২০ -২১বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া পেঞ্চনৰ স্বকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল । তেখেতৰ মৃত্যুত সাপেখাতী অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি অসমৰ চাৰি লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…
- পুৱা ৯ বজালৈ গুৱাহাটীত ভোটদানৰ হাৰ ১০.৩৮%…
- আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…