শিক্ষক-ছাত্ৰীৰ সম্পৰ্ক কলুষিত কৰা অধ্যাপক জয়নাল আবেদিনক বহিষ্কাৰৰ দাবীত ছাত্ৰ একতা সভাৰ স্মাৰকপত্ৰ দাখিল। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত অন্যতম শিক্ষানুষ্ঠান গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক জয়নাল আবেদিনৰ নিজ মহাবিদ্যালয়ৰ ছাত্ৰীৰ সৈতে অশ্লীল কল ৰেকৰ্ডিং ভাইৰেল হোৱাত বিগত তিনি দিনৰ পৰা গোসাঁইগাঁও অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা সহযোগী অধ্যাপক জয়নাল আবেদিনে নিজ বিভাগৰ ছাত্ৰীক ফোনযোগে অশ্লীল প্ৰস্তাৱ দিয়াক কেন্দ্ৰ কৰি বিগত তিনি দিনৰ পৰা গোসাঁইগাঁওৰ সদৰ চহৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি দ্বিতীয় দিনাও সহযোগী অধ্যাপক জয়নাল আবেদিনক নিলম্বন কৰাৰ দাবীত গোসাঁইগাঁও মহাবিদ্যালয়ত ছাত্ৰ একতা সভাই মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। উক্ত কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই অধ্যাপক জয়নাল আবেদীনক নিলম্বন কৰক, অধ্যাপক জয়নাল আবেদীনক গ্ৰেফতাৰ কৰক, জয়নাল আবেদীন মুৰ্দাবাদ, ছাত্ৰ-ছাত্ৰীক মানসিক অত্যাচাৰ বন্ধ কৰক, শিক্ষকৰ ভাণ্ডামি বন্ধ কৰক আদিকে ধৰি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি মহাবিদ্যালয়খনৰ পৰা গোসাঁইগাঁও অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। কাৰ্যসূচীৰ অন্তত গোসাঁইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাই চৰিত্ৰহীন শিক্ষকগৰাকীক নিলম্বন কৰাৰ বাবে গোসাঁইগাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° কুমুদ ৰঞ্জন বসুমতাৰীক এক কেইবাদফীয়া স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰ পত্ৰ গ্ৰহণ কৰাৰ পিছত ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° কুমুদ ৰঞ্জন বসুমতাৰীয়ে সাংবাদিকৰ আগত কয় যে এই সন্দৰ্ভত অতিশীঘ্ৰে এক তদন্ত সমিতি গঠন কৰা হ’ব। তদন্ত সমিতিৰ প্ৰতিবেদনৰ পিছত service rule অনুসৰি বিহীত ব্যৱস্থা কৰা হ’ব। পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰে, সেইয়া হ’ব লক্ষণীয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…