পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে এক বিশেষ বক্তৃতা অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অসমৰ জাতীয় জীৱনলৈ তেওঁৰ অৱদানক স্মৰণ কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী আধ্যপক পঞ্চানন হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত “পদ্মনাথ গোহাঞি বৰুৱাৰ জীৱন আৰু সাহিত্য” শীৰ্ষক বক্তৃতা প্ৰদান কৰে ডুমডুমা মহাবিদ্যালয়ৰ উপাধ্যক্ষা তথা অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ ৰিঞ্জু মণি শৰ্মাই। তেওঁৰ বক্তব্যত ডঃ শৰ্মাই বংগৰ নৱজাগৰণৰ লগত গোহাঞি বৰুৱাৰ সম্পৰ্ক, গোহাঞি বৰুৱাৰ উপন্যাসত ঐতিহাসিক পটভূমি, গোহাঞিবৰুৱাৰ সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত প্ৰকাশিত জাতীয় চেতনা আদি দিশবোৰত বিস্তৃত আলোচনা কৰে। বিশ্বৰূপা মৰাণ আৰু পৰী হাজৰিকাৰ গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত পদ্মনাথ গোহাঞিবৰুৱা ৰচিত কবিতা ” বাগদেৱী বন্দনা” আবৃত্তি কৰে মহাবিদ্যালয়ৰ ছাত্ৰী সংগীতা মৰানে। অনুষ্ঠানটোত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক লক্ষীপ্ৰসাদ দিহিঙীয়াই শলাগৰ শৰাই আগবঢ়ায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…