আঘোণৰ পথাৰত এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। শাওনৰ পথাৰত প্ৰখৰ ৰ’দত কপালৰ ঘাম মাটিত পেলাই আশাৰ সপোন দেখা কৃষকে ভুঁই ৰোৱা সেউজীয়া ধাননীডৰা এতিয়া সোণোৱালী হ’ল। সোণোৱালী ধান চপোৱাৰ সময় এয়া। সেয়েহে এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। হাতত কাঁচি লৈ জীয়ৰী-বোৱাৰী দাৱনী জাক এতিয়া ব্যস্ত সোণগুটি চপোৱাত। তেনে সময়তে আজি সোণাৰিৰ ভজোৰ ধাননি পথাৰত দাৱনীৰ ৰূপত দেখা গ’ল সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক। হাতত কাঁচি লৈ ধান চপালে বিধায়কগৰাকীয়ে। উল্লেখ্য যে, সোণাৰিত কৃষি বিভাগৰ উদ্যোগত পৰীক্ষামূলক ভাৱে ৰোপন কৰা দহবিধ বিভিন্ন জাতৰ ধান চপোৱাৰ উদ্দেশ্যে আজি এক অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি ধান চপোৱা কাৰ্যৰ শুভাৰম্ভ কৰে। আত্মাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থকা এপাৰ্টৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি সোণাৰিৰ ভজোত বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যত এপাৰ্ট আঁচনিৰ অধীনত চৰাইদেউ কৃষি বিভাগৰ উদ্যোগত দুই বিঘা মাটিত পৰীক্ষা মূলকভাৱে ৰোপন কৰা হৈছিল দহটা উন্নত জাতৰ কঠিয়া। এই আঁচনিৰ জৰিয়তে উৎপাদিত ধানৰ গৱেষণা কৰা হব আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰত। আগষ্ট মাহত ৰোপন কৰা কঠিয়াৰ উৎপাদিত ধান চপোৱাৰ লগতে মূল্যায়নৰ উদ্দেশ্যে আজি ভজোৰ পথাৰত অনুষ্ঠিত হোৱা কাৰ্যসূচীত সোণাৰি সমষ্টিৰ বিধায়কগৰাকীৰ লগতে চৰাইদেউ জিলা কৃষি বিভাগৰ উপৰিও এপাৰ্টৰ বিষয়ববীয়া, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিষয়া, তথা স্থানীয় কৃষকসকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডুবাইত পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিলে অৰিজিত সিঙে…
- কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…
- তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…
- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…