ওদালগুৰিৰ নলবাৰী খেলপথাৰত ২৪নবেম্বৰৰ পৰা ফ্লেটাৰনিতি ক্লাবৰ উদ্যোগত আৰম্ভ হোৱা ওদালগুৰি মহকুমা আন্ত:ক্লাব মহিলা কাবাডী প্ৰতিযোগিতাৰ আজি সামৰণি পৰে।২৫নবেম্বৰত বিয়লি ৪বজাত অনুষ্ঠিত চূড়ান্ত খেলত ওদালগুৰি ষ্টাৰ ক্লাবে সাপেখাইটি ইউথ ক্লাবক ৩০-১৮ পইন্টত পৰাজিত কৰি খিতাপ অৰ্জন কৰে। ৰাইডাৰ-কেচাৰৰ সন্মান লাভ কৰে ওদালগুৰি ষ্টাৰ ক্লাবৰ খেলুৱৈ ফ্ৰিমীছা দৈমাৰী আৰু সাপেখাইটি ইউথ ক্লাবৰ খেলুৱৈ ছোৱালী মূৰ্মূই ৰাইডাৰৰ সন্মান লাভ কৰে।খেল পৰিচালনা কৰে ৰেফাৰী বিশ্বজিৎ বড়োই।আম্পিয়াৰ মানিক ৰাভা আৰু মিথিংগা নাৰ্জাৰী। স্ক’ৰাৰ নিৰঞ্জন বসুমতাৰী।সহকাৰী স্কৰাৰ হেমন্ত বড়ো আৰু গৌজৌংচেৰাং বসুমতাৰীয়ে।বঁটা বিতৰণী সভাত উপস্থিত থাকি বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, ইউপিপিএলৰ উপ-সভাপতি ভ্ৰমন বাগ্লাৰী, সদৌ অসম কাবাডী ফেডাৰেচনৰ সহকাৰী সম্পাদক প্ৰনীল দৈমাৰী, ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি চামূৱেল দৈমাৰী, ইউ পিপিএলৰ ধনশ্ৰী ব্লকৰ সভাপতি ৰতেন্দ্ৰ দৈমাৰী,ক্লাবৰ উপদেষ্টা বিজন দৈমাৰী আৰু ওদালগুৰি জিলা ইউপিপিএলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীয়ে দুয়োটা দলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰে।ওদালগুৰি ফ্লেটাৰনিতি ক্লাবৰ উদ্যোগত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত ২০টা মহিলা কাবাডী দলে অংশ গ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…
- বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…