কাকডোঙা নদীৰ বিহখোৱা ঘাটৰ সমীপত প্ৰকৃতিৰ নৈসৰ্গিক পৰিবেশত “উত্তৰ-পূৱ গোলাঘাট কবি সন্মিলনে “আঘোণৰ ৰ’দালিত কবিতাৰ গুণগুণ”শীৰ্ষক কবি মেল আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান ২৪ নৱেম্বৰত সম্পন্ন কৰে। শিশু শিল্পী অন্তৰা ৰাগিনী দত্তই পৰিবেশণ কৰা টোটয় পাঠেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা কবিতাৰ মেল সঞ্চালনা কৰে বিশিষ্ট গল্পকাৰ,কবি ফুলেন কুমাৰ বৰাই।কবি সাদৰী বৰা,গিৰিশ দত্ত,ইন্দু হাতী বৰুৱা,গনেশ কছাৰী, ৰবীন্দ্ৰ দেৱ,অংকুৰ বুঢ়াগোহাঁই, নবীন হাজৰিকা, তফজ্জুল হক বৰবৰা,লক্ষ্মীচৰণ কুৰ্মী,মামণি বৰা,আদিত্য বৰবৰা, বিপুল বৰুৱা, ৰূপালী মহন্ত,চম্পা নেওগ,দীপশিখা বৰুৱা,লক্ষেশ্বৰ গগৈ,দুলুমনি বৰা,জ্যোতিকা ৰাজখোৱা,দিগন্ত বৰা,বিপুল বৰুৱা, অভিজিত শইকীয়া,সংগীতা দত্ত,স্বপ্না শইকীয়া আদি প্ৰায় দুকুৰিৰো অধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।বিউটি কলিতাই সম্পাদনা কৰা কবি সন্মিলনৰ মুখপত্ৰ “শব্দ প্ৰৱাহ” উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক,লেখক ইন্দ্ৰ বৰাই।এই অনুষ্ঠানতে কৃতী শিক্ষয়িত্ৰী বন্দনা দত্ত আৰু দুলুমনি বৰা দত্তক বিশেষ সম্বৰ্ধনা জনোৱা হয়। উত্তৰ পূব গোলাঘাট কবি সন্মিলনৰ সম্পাদিকা বন্দনা দত্তই আঁত ধৰা অনুষ্ঠানটো কাব্যমন্ত্ৰ পাঠেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…