Breaking

ঝাৰগাওঁত আন্তৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন

0 62

ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত ঝাৰগাওঁ প্ৰাথমিক বিদ্যালয়ত  ৩ ডিচেম্বৰত আন্তৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উদযাপন কৰা হয়। সৰ্বশিক্ষা অভিযান মিছন  ,ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ উদ্যোগত আয়োজিত কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰে ১ নং ঝাৰগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সোনেশ্বৰী চহৰীয়াই ।

১ নং  ঝাৰগাওঁ প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক ভৱতুষ দাসে ৯ ৩০ বজাত বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতে বিভিন্ন ঠাইত মূল্যবান গছ পুলি ৰোপন কৰা হয় । এই দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি খেল ধেমালি,চিত্ৰাংকন  প্ৰতিযোগিতা  অনুষ্ঠিত কৰা হয় ।

আবেলি ১ বজাৰ পৰা  আৰম্ভ হোৱা মুকলি তথা বঁটা বিতৰনী সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ওদালগুৰি জিলা আচঁনি বিষয়া ডালিমী বৰুৱাই বিশ্ব প্ৰতিবন্ধী বিষয়ৰ সন্দৰ্ভত বক্তব্য আগবাঢ়াই ।আনহাতে নিদিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি ৩ নং ধনশ্ৰী মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক খজেন ডেকাই বিশেষভাৱে  সক্ষম লোক সকল দেশৰ বাবে বোজা  নহয়। বৰঞ্চ দেশৰ অমূল্য  সম্পদ বুলি শিক্ষক ডেকাই তেওঁৰ ভাষন প্ৰসংগত উল্লেখ কৰে ।

Leave A Reply