Breaking

ৰাজ্যৰ ৪০ হাজাৰ পদপথৰ ব্যৱসায়ীয়ে লাভ কৰিব ঋণ

0 2,077

উল্লেখযোগ্য যে ক’ভিড কালীন পৰিবেশত বিপৰ্যয়ৰ সন্মুখীন হোৱা পদ পথৰ ব্যৱসায়ী সকলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে পিএম ষ্ট্ৰীট ভেণ্ডৰ নিধি। এই নিধিৰ জৰিয়তে ইতিমধ্যে প্ৰায় ৪০ হাজাৰ ব্যৱসায়ীয়ে আবেদন কৰিছে, আৰু ইয়াৰে ১৭ হাজাৰক ইতিমধ্যে ঋণ প্ৰদান কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে ক’ভিড কালত ক্ষতিগ্ৰস্ত হোৱা ৪০ হাজাৰ পদপথৰ ব্যৱসায়ীয়ে ডিচেম্বৰৰ ভিতৰত ১০০ শতাংশ ঋণ লাভ কৰিব ।

এই নিধি অনুসৰি প্ৰথম পৰ্যায়ত ১০ হাজাৰ, আৰু ১০ হাজাৰ ঘূৰাই দিলে দ্বিতীয় পৰ্যায়ত লাভ কৰিব ২০ হাজাৰ টকা। ২০ হাজাৰ টকা ঘূৰাই দিলে তৃতীয় পৰ্যায়ত লাভ কৰিব ৫০ হাজাৰ টকা। শুক্ৰবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বেংকৰ বিষয়াসকলৰ লগত হোৱা বৈঠকত মিলিত হৈ ডিচেম্বৰৰ ভিতৰত সকলোকে ঋণ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Leave A Reply