Breaking

যোৰহাটত অনিল চন্দ্ৰ বৰদলৈ সোঁৱৰণী নাট্য সন্ধিয়া

0 1,135

যোৰহাটত অনিল চন্দ্ৰ বৰদলৈ সোঁৱৰণী নাট্য সন্ধিয়া সূৰুয ড্ৰামাৰ অভূতপূৰ্ব সাফল্য ‘নিসংগতাৰ কোলাহল’। “নিসংগতাৰ কোলাহল”- শীতৰ সেমেকা সন্ধিয়া উমাল কৰিলে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে। সময়ানুৱৰ্তিতা মানি চলা সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ নাটক চাবলৈ দৰ্শক সময় মতে উপস্থিত হয়। এই নাট্যানুষ্ঠানৰ প্ৰতি অকৃত্ৰিম আন্তৰিকতা থকা প্ৰেক্ষাগৃহপূৰ্ণ দৰ্শকৰ উপস্থিতিত পাহৰিব নোৱাৰা নাট্যশিল্পী অনিল চন্দ্ৰ বৰদলৈৰ সোঁৱৰণত তৃতীয়বাৰৰ বাবে সূৰুযে উচৰ্গা কৰে সফল নাট্য সন্ধিয়া। অৱদান আগবঢ়াই থকাৰ সময়ত গুৰুত্ব দিয়া আৰু প্ৰয়াণৰ পাছত পাহৰি যোৱা নিয়মৰ বিপৰীতে থাকে যোৰহাটৰ ছয়ত্ৰিশ বছৰীয়া নাট্যানুষ্ঠান সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচ্।

যোৰহাটত অনিল চন্দ্ৰ বৰদলৈ সোঁৱৰণী নাট্য সন্ধিয়া

সেয়ে, পাহৰণিৰ গৰ্ভৰ পৰা তুলি আনি চাৰিগাঁও অঞ্চলৰ এসময়ৰ নাট আৰু শিল্পী স্ৰষ্টা অনিল চন্দ্ৰ বৰদলৈক যথাযোগ্য সন্মান জনাইছে। নাটকৰ আগে আগে তেখেতৰ সুযোগ্যা সাদৰি বোৱাৰী পূৰ্ণিমা বৰদলৈৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। যোৰহাট জিলা পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহৰ অগ্ৰগতিত ভূমিকা লোৱা, অৱসৰৰ সময় সমাগত হোৱা গ্ৰন্থাগাৰিক সুবোধ চন্দ্ৰ শৰ্মাক এই নাট্য সন্ধিয়াতে সূৰুযে আন্তৰিক সম্বন্ধ অক্ষুণ্ণ ৰখাৰ প্ৰয়াসেৰে সম্বৰ্ধনা জনায়। দুয়োটা কাৰ্যসূচীতে সাংস্কৃতিক দিশত বিভিন্ন অৱদান থকা সভাপতি বিনোদ গগৈয়ে বিশেষ ভূমিকা লয়। সদস্যা ৰুমা শৰ্মা ঠাকুৰে সহযোগিতা আগবঢ়ায়। নাট্যগোষ্ঠীৰ সৰ্ব নিয়ন্ত্ৰক মানবেন্দ্ৰ শৰ্মাই অনুষ্ঠানৰ আঁত ধৰে। এইগৰাকী নাট্যশিল্পী মানবেন্দ্ৰ শৰ্মা নাটকৰ মাধ্যমেৰে নিজৰ জীৱন, পৰিয়াল আৰু সমাজলৈ অৱদান যে আগবঢ়াব পাৰি তাৰ এক উজ্বল প্ৰমাণ। সৰ্ব নাট্য গুণীজনে নাটক ‘নিসংগতাৰ কোলাহল’ ৰচনা-পৰিচালনা কৰাৰ উপৰি ৰূপসজ্জা আৰু পোহৰ নিয়ন্ত্ৰণো কৰে নিজে। পোহৰাই তোলে আনে গুৰুত্ব নিদিয়া অভিনয় অনুৰাগীক।

যোৱা ১৯ ডিচেম্বৰৰ সন্ধিয়া ৬.৩০ বজাত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা নাটকখনৰ নেপথ্যত পূৰৱী শইকীয়া, অৰুণ দত্ত, চঞ্চলজ্যোতি বৰদলৈ, লাটু গগৈ আৰু ধীৰাজ বৰুৱা আছিল। বিবাদ নহৈ সকলো সন্তানৰ মিলাপ্ৰীতি অক্ষুণ্ণ ৰওক বুলি পিতৃয়ে নামজাৰী কৰি দিছিল সম্পত্তি। কিন্তু, পুত্ৰ-বোৱাৰীয়ে ল’লে সুবিধা। দেউতাকৰ বিয়োগৰ পাছত মাতৃ-ভগ্নীক এলাগী কৰিলে। আনৰ চৰিত্ৰত কালীমা দেখা পুত্ৰৰ নিজৰেই স্বভাৱ কিমান লোতোৰা সেই দিশো উদঙালে নিসংগতাৰ কোলাহলে। পিতৃ অৰ্পণ শৰ্মা পাঠক, মাতৃ ময়ুৰপংক্ষী কৌশিক, ৰোমাণ্টিক যুতি চন্দন ঠাকুৰ, স্নেহা বৰদলৈ, পুত্ৰ বিৰাজ দত্ত, কিচ্যুৎ দত্ত, জেঠেৰি দেৱজিৎ বৰা, খুহুতীয়া ডেকা যুতি পাৰ্থ প্ৰতিম শৰ্মা, দিপ্ৰণ শইকীয়া, নতুন মুখ অপৰাজিতা বৰা দত্ত, ন-বোৱাৰী অপৰাজিতা কৌশিক, মূল চৰিত্ৰত নিহাৰিকা বৰা আৰু পিতৃৰ সোঁৱৰণত অভিনয়েৰে ধন্য হোৱা সৌভাগ্যবান ৰঞ্জিত বৰদলৈ অভিনীত বিনামূলীয়া দৰ্শনীয়ে দৰ্শকক বাৰুকৈয়ে আপ্লুত কৰে। সংগীতত হাত বুলালে জনপ্ৰিয় বুবু মানসজ্যোতি বৰা আৰু প্ৰাণজিৎ শৰ্মাই। শব্দ সংযোজন সূৰুয শীলৰ। পৰিয়ালৰ সদস্যই জ্ঞান ল’ব পৰা নাটক ‘নিসংগতাৰ কোলাহল’ আৰু উদ্যোক্তা সফল হৈছে।

Leave A Reply