Breaking

প্রথম ইনিংছত দক্ষিণ আফ্রিকাৰ ১৯৭

0 2,032

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রথম টেষ্টত বৃহৎ অগ্রগতিৰ দিশে আগবাঢ়িছে টীম ইণ্ডিয়া ৷ চেঞ্চুৰিয়নত চলি থকা মেচখনৰ  তৃতীয় দিনা ভাৰতৰ ৩২৭ ৰানৰ প্রত্যুত্তৰত ঘৰুৱা দলটোৱে ১৯৭ ৰানত প্রথম ইনিংছ সামৰে ৷ দলটোৰ হৈ টেম্বা বাভুমাই সর্বাধিক ৫২ আৰু কুইণ্টন ডি ককে ৩৪ ৰানৰ অৰিহণা আগবঢ়ায় ৷ ভাৰতৰ হৈ তাৰকা বেগী বলাৰ মহম্মদ ছামিয়ে ৫টা, যশপ্রীত বুমৰাহ আৰু শার্দূল ঠাকুৰে দুটাকৈ উইকেট পায় ৷

মহম্মদ চিৰাজে আনটো উইকেট দখল কৰে৷ প্রত্যুত্তৰত ভাৰতে দ্বিতীয় ইনিংছ মুকলি কৰি তৃতীয় দিনৰ খেলৰ অন্তলৈ এক উইকেটৰ বিনিময়ত ১৬ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ মায়ংক আগৰৱালে ৪ ৰান কৰি আউট হয়৷ লোকেশ ৰাহুলে ৫ আৰু শার্দূল ঠাকুৰে চাৰি ৰানত বেটিং কৰি আছে৷ ইফালে, ঋষভ পণ্টে এম এছ ধোনী আৰু ঋদ্ধিমান সাহাৰ যুটীয়া অভিলেখ ভংগ কৰি টেষ্ট ক্রিকেটত ১০০টা চিকাৰ কৰা দ্রুততম উইকেটৰক্ষক হিচাপে অভিলেখ ৰচে৷

Leave A Reply