নিজ কন্যাই বিয়া পাতি দিলে মাতৃৰ!

অকলশৰে জীৱন কটোৱাটো বৰ কষ্টকৰ। সকলোৱে নিজ জীৱনত এগৰাকী ভাল জীৱনসংগী বিচাৰে। আমাৰ সমাজত মহিলাৰ দ্বিতীয় বিবাহ এতিয়াও সহজ হৈ উঠা নাই। তাৰমাজতো আজিকালি বহু মহিলাই দ্বিতীয় বিবাহৰ বাবে সাহস দেখুৱাইছে। এগৰাকী কন্যাই মাতৃৰ একাকীত্ব দূৰ কৰিবলৈ পুনৰ বিয়া পাতি দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে।

alpha1fe নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা এগৰাকী কন্যাই মাতৃৰ বিয়াৰ ফটো শ্বেয়াৰ কৰে। ইয়াৰ লগে লগে এই বিষয়টোৱে তীব্ৰ চৰ্চা লাভ কৰিছে। বহু লোকেই কন্যাৰ এই সাহসিকতাৰ শলাগ লৈছে। বহু লোকেই ছোৱালীজনীৰ নতুন চিন্তাধাৰাৰ প্ৰশংসা কৰিছে। কন্যাই তেওঁৰ মাতৃৰ মেহেন্দি ৰচমৰ লগতে বিয়াৰ ভিডিঅ’ আৰু ফটো টুইটাৰত শ্বেয়াৰ কৰি লিখিছিল মোৰ মায়ে পুনৰ পোন্ধৰ বছৰৰ পাছত বিবাহপাশত আৱদ্ধ হৈছে।

মাতৃৰ ৰিং চেৰেমনীৰ ফটোও টুইটাৰত শ্বেয়াৰ কৰিছিল কন্যাই। ছোৱালীজনীয়ে মাতৃৰ কাহিনী ভাগ বতৰা কৰি লিখিছিল যে তেওঁৰ মাতৃৰ ১৭ বছৰ বয়সতে বিয়া হৈছিল। কন্যা সন্তানটি জন্ম পোৱাৰ দুবছৰৰ পাছত পিতৃয়ে মাতৃ-কন্যা দুয়োকে ত্যাগ কৰে।

কন্যাই কৈছিল যে ”মোৰ মা বিয়াৰ বন্ধন প্ৰৱঞ্চনাৰে ভৰা আছিল। তেওঁ জীৱনত মৰম-প্ৰেম-ভালপোৱা আদি চিনিয়েই নাপালে। মোৰ মাৰ জীৱনত এজন ভাল মানুহ লগত থকাটো সদায়ে বিচাৰো। মা অকলশৰীয়াকে থকাটো নিবিচাৰোঁ। মাৰ দ্বিতীয় বিবাহত মই বহুত সুখী। আশা কৰিছো মোৰ মাৰ ৰংহীন জীৱনটো ৰঙেৰে পৰিপূৰ্ণ হৈ উঠিব। আপোনালোকে কওকচোন মোৰ মাক কইনাৰ সাজত ধুনীয়া লাগিছে নে নাই।” সকলোৱে ছোৱালীজনীৰ মাতৃৰ নতুন বৈবাহিক জীৱন সুখৰ হ’বলৈ শুভকামনা জনাইছে আৰু ছোৱালীজনীৰ সাহসিকতাক প্ৰশংসা কৰিছে।

Related Articles