নগাঁও আৰক্ষীয়ে আজি নগাঁও চহৰৰ মোলাপট্ৰিৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এটা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াটো হ’ল জুৰীয়াৰ চাদাম হুছেইন। হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱী ড্ৰাগছ মাফিয়াটোৰ পৰা ৭২ টা কন্টেনাৰ আৰু নগদ ৯ হাজাৰ টকা জব্দ কৰিছে।জুৰীয়াৰ চাদামে নগাঁও চহৰৰ মোলাপট্ৰিৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছৰ বেহা চলাই আহিছিল।

